অসম

assam

টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতক সকীয়নি বাবৰ আজমৰ; কোহলীৰ সন্দৰ্ভতো কৰিলে ডাঙৰ মন্তব্য - T20 WORLD CUP 2024

By ETV Bharat Assamese Team

Published : May 6, 2024, 6:53 PM IST

Virat Kohli on Babar Azam: পাকিস্তানৰ অধিনায়ক বাবৰ আজমে বিৰাট কোহলীক লৈ ডাঙৰ মন্তব্য কৰিছে । টি-২০ বিশ্বকাপ ২০২৪ৰ পূৰ্বে বাবৰে টীম ইণ্ডিয়াকো সকীয়াই দিছে । পঢ়ক সম্পূৰ্ণ খবৰ...

T20 WORLD CUP 2024
Virat Kohli on Babar Azam (IANS)

নিউজ ডেস্ক, ৬ মে':১ জুনৰ পৰা আৰম্ভ হ’ব আইচিচি টি-২০ বিশ্বকাপ ২০২৪ । এই বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলে ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । ইয়াৰ পিছত ৯ জুনত নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত পাকিস্তানৰ সৈতে খেলিবলৈ টীম ইণ্ডিয়াই । এই মেচৰ পূৰ্বে ব্যক্তিগত সাক্ষাৎকাৰত বিৰাট কোহলীক লৈ এটা ডাঙৰ মন্তব্য কৰিছে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে ।

আচলতে বাবৰ আজমে বিৰাট কোহলী আৰু টীম ইণ্ডিয়াৰ প্ৰশংসা কৰিছে । ইয়াৰ সমান্তৰালকৈ বাবৰে এটা সতৰ্কবাণীও দিছে । তেওঁ কয়, "বিৰাট কোহলী এজন বিশ্বমানৰ বেটছমেন আৰু বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন । তেওঁৰ লগতে ভাৰতৰ আন ১০ গৰাকী খেলুৱৈৰ বিৰুদ্ধেও আমি পৰিকল্পনা কৰিম ।"

বাবৰে আৰু কয়, "আপুনি এটা দল হিচাপে পৰিকল্পনা কৰে, কিন্তু এটা দলৰ এজন খেলুৱৈৰ বাবে পৰিকল্পনা নকৰে, সমগ্ৰ দলটোৰ বাবে পৰিকল্পনা কৰিব লাগিব । দলৰ সমগ্ৰ ১১ জন খেলুৱৈৰ বিৰুদ্ধে পৰিকল্পনা কৰি আপুনি খেলপথাৰত প্ৰৱেশ কৰে । নিউয়ৰ্কৰ পিটচ আৰু খেলপথাৰৰ বিষয়ে বিশেষ নাজানো, কিন্তু বিৰাট কোহলী সকলোতে শ্ৰেষ্ঠ, সেয়ে আমি তেওঁৰ বিৰুদ্ধে বিশেষ পৰিকল্পনা কৰিছোঁ ।"

উল্লেখ্য যে ২০২৪ চনৰ টি-২০ বিশ্বকাপত পাকিস্তান আৰু ভাৰতক একেটা গ্ৰুপতে স্থান দিয়া হৈছে । এনে পৰিস্থিতিত ৯ জুনত অনুৰাগীৰ বাবে এই দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখা যাব । ভাৰতীয় আৰু পাকিস্তানী অনুৰাগীৰ বাহিৰেও সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে এই দুয়োটা দলৰ মাজত হ’বলগীয়া এই কঠিন প্ৰতিযোগিতাৰ বাবে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক:পুত্ৰৰ জন্মৰ পিচত প্ৰথমবাৰ স্বামী কোহলিক সমৰ্থন কৰিবলৈ ষ্টেডিয়ামত উপস্থিত অনুষ্কা - Anushka Sharma

ABOUT THE AUTHOR

...view details