স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট:কলকাতাৰআৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত লোমহৰ্ষক ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে মাত মাতিবলৈ ওলাই আহিছে সমগ্ৰ দেশ ৷ এই কাণ্ড সন্দৰ্ভত ন্যায় বিচাৰি অব্যাহত আছে প্ৰতিবাদ ৷ বহুতে আকৌ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামাজিক মাধ্যমত ৷
কেৱল সাধাৰণ লোকসকলেই নহয়, ভিন্নক্ষেত্ৰৰ তাৰকাসকলেও এই ধৰ্ষণ-হত্যা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৷ কিছুদিন পূৰ্বে এই ঘৃণনীয় কাণ্ডৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য যশপ্ৰীত বুমৰাহ আৰু শ্ৰেয়ছ আয়াৰে ৷ খেলুৱৈ দুগৰাকীৰ পিছতে পুনৰ ভাৰতীয় দলৰ টি-20 ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱেও ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰকাশ কৰিছে বিশেষ পোষ্ট ৷
সূৰ্যকুমাৰ যাদৱে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই বাৰ্তা ৷ ক্ৰিকেটাৰগৰাকীয়ে এক কাহিনীৰ জৰিয়তে এই বিশেষ বাৰ্তা দিছে আৰু এটা পুৰণি বিশ্বাস সলনি কৰাৰ কথা কৈছে । যাদৱে কৈছিল যে, কাহিনীটোত "আপোনাৰ ছোৱালীক সুৰক্ষা দিয়ক" ৰ ধাৰণাটো ভুল ৷ বিপৰীতে পুত্ৰক শিক্ষিত কৰাৰ ধাৰণাটোৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা উচিত ৷ উক্ত কাহিনীটোত "আপোনাৰ ছোৱালীক সুৰক্ষা দিয়ক" ৰ সলনি "আপোনাৰ পুত্ৰক শিক্ষিত কৰক" বুলি উল্লেখ কৰা হৈছে ।