ETV Bharat / state

বন্যহস্তীৰ বদান্যতা, মৃত মাতৃৰ কাষৰ পৰা আঁতৰি নগ'ল হাতী পোৱালী - MAN ELEPHANT CONFLICT

শোণিতপুৰৰ বৰছলাত হৃদয় বিদাৰক দৃশ্য । বনৰীয়া হাতীৰ পোৱালীয়ে দেখুৱালে মাতৃস্নেহৰ অনন্য নিদৰ্শন ।

Tragic death of wild elephant at Barsala in Sonitpur
বনৰীয়া হাতীৰ কৰুণ মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 10:48 PM IST

ওদালগুৰি/মঙলদৈ: মাতৃস্নেহৰ কৰুণ নিদৰ্শন ৷ মানুহ নহয়, মানুহৰ আচৰণৰ বিপৰীতে বনৰীয়া হাতীয়ে দেখুৱালে মাতৃস্নেহ । অবৈধভাৱে ধাননি পথাৰত সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া হাতীৰ কৰুণ মৃত্যু । জানিব পৰা মতে শোণিতপুৰৰ বৰছলাৰ বৰভগীয়া গাঁৱত কেশৰী ঘুৰচানী নামৰ এজন ব্যক্তিয়ে বনৰীয়া জন্তুৰ পৰা ধাননিডৰা ৰক্ষা কৰিবলৈ খেতি পথাৰত অবৈধভাৱে সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজনী বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটে ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ধান খাবলৈ ওলায় অহা বনৰীয়া হাতীৰ মৃত্যুত হাহাকাৰ লাগে ৰাইজৰ মাজত । মাইকী হাতীজনীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলায় আহিছিল এটা পোৱালী হাতীও । ইয়াৰ পাছতেই এক হৃদয় বিদাৰক দৃশ্য দেখিবলৈ পোৱা গ'ল ঘটনাস্থলীত । মৃত মাকৰ কাষৰ পৰা আঁতৰি যোৱা নাই পোৱালী হাতীটো । চিঞৰিছে, কান্দিছে মাকৰ মৃত্যুত । পোৱালি হাতীটোৰ অপেক্ষা কেৱল মাতৃ জী উঠিব ।

বনৰীয়া হাতীৰ কৰুণ মৃত্যু (ETV Bharat Assam)

মাকৰ কাষৰ পৰা কোনোপধ্যেই আঁতৰি যাব বিচৰা নাই পোৱালী হাতীটো । বন বিভাগে দুটাকৈ হাতী লগাই পোৱালী হাতীটোক মাকৰ কাষৰ পৰা আঁতৰাই নিব বিচাৰিও বাৰে বাৰে বিফল হয় । নাই মাকক এৰি আঁতৰিয়েই নাযায় । ইফালে পথাৰত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰা অভিযুক্ত এতিয়া পলাতক । আৰক্ষী বা বনবিভাগৰ লোকে বিচাৰি পোৱা নাই অভিযুক্তক । হাতীজনীৰ কৰুণ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে, বন্যহস্তীৰ উপদ্ৰৱে জুৰুলা কৰিছে বিস্তীৰ্ণ অঞ্চলৰ ৰাইজক । তথাপিও বন্যহস্তীৰ এনে কৰুণ মৃত্যুক যেন মানি ল'ব পৰা নাই কোনোৱে ।

লগতে পঢ়ক: কলিয়াবৰৰ ৰাঙলুৰ আমদাঙাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.