ETV Bharat / politics

'ককা, পুত্ৰ নাতি এমএলএ হ’ব, বাকীবোৰে আমুল গাখীৰ খাই থাকিব লাগিব ৷' কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ সৰৱ মুখ্যমন্ত্ৰী - ASSAM BYE ELECTIONS 2024

চামগুৰিত কংগ্ৰেছৰ বংশগত ৰাজনীতিৰ কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ককাকৰ পৰা নাতিলৈকে চামগুৰিত ৰকিবুল হুছেইনৰ পৰিয়ালৰ নিৰ্বাচনৰ টিকট লাভক লৈ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ ৷

ASSAM BYE ELECTIONS 2024
মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 10:10 PM IST

Updated : Nov 7, 2024, 10:52 PM IST

গুৱাহাটী: ঝাৰখণ্ডৰ নিৰ্বাচনী ব্যস্ততাৰ মাজতে সাময়িক বিৰতি লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিকভাৱে তৃতীয় দিনৰ বাবে অংশগ্ৰহণ কৰিলে অসমৰ বিধানসভা উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানত । বৃহস্পতিবাৰে অংশগ্ৰহণ কৰিলে বিহালীত দুখন আৰু চামগুৰি সমষ্টিত এখন, মুঠ তিনিখনকৈ নিৰ্বাচনী সভাত । দুযোটা সমষ্টিয়েই বিজেপি আৰু কংগ্ৰেছৰ বাবে সন্মান ৰক্ষাৰ যুঁজ হৈ পৰিছে । বৃহস্পতিবাৰে সন্ধিয়া বিহালীত কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই সন্ধিয়া হিমন্ত বিশ্ব শৰ্মাই বিহালীত অংশগ্ৰহণ কৰিলে এক বিশাল ৰোড শ্ব’ত । নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশস্তি গীতত মন ভৰাই নৃত্য কৰি বিজেপিৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কৰিলে ভিক্ষা ৷

লগতে পঢ়ক: ৰকিবুল হুছেইনৰ ঘৰৰ কাম কৰিবলৈ অসম চৰকাৰে দৰমহা দি থকা নাই: চামগুৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ

কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দিন উকলিল :

বৃহস্পতিবাৰে চামগুৰিত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা আৰু বিহালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে ৷ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, “কংগ্ৰেছৰ কোনে ক’ত টিকট পাব সেয়া গৰ্ভত থাকোতেই ঠিক হৈ যায় ৷ পিতৃৰ পৰিচয়েৰে নিৰ্বাচনৰ টিকট পোৱাটো কংগ্ৰেছৰ পুৰণি পৰম্পৰা ৷”

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

ককাৰ পৰা নাতিলৈকে কংগ্ৰেছৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি: বাকীবোৰে আমুল গাখীৰ খাই থাকিব লাগিব

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে নিজ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাক লৈ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰসংগেৰে থকা-সৰকা কৰে ।

নগাঁও জিলাৰ চামগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছৰ পৰম্পৰাগত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি প্ৰসংগত মন্তব্য কৰি কয়, “ধুবুৰীৰ পৰা লোকসভাত জয়লাভ কৰা ৰকিবুল হুছেইনে এতিয়া চামগুৰিত নিজৰ পুত্ৰৰ বাবে দিনে-ৰাতিয়ে প্ৰচাৰ কৰিছে । আনৰ বাবে কৰিলেহেঁতেন নে? নিষ্ঠাবান দলীয় কৰ্মীসকলক একাষৰীয়া কৰি দলটোৱে কেৱল পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি আহিছে ।"

লগতে পঢ়ক: বিহালীত উগ্ৰপন্থীৰ নৰসংহাৰৰ কাহিনী সজীৱ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী শৰ্মাই চামগুৰিৰ বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক উপ-নিৰ্বাচনৰ বাবে টিকট দিয়া প্ৰসংগ উত্থাপন কৰি কয়, "আমাৰ প্ৰাৰ্থী দিপ্লুৰঞ্জনৰ দেউতাকৰ নাম কোনোবাই জানেনে ?" তেওঁ কয় যে বিজেপিয়ে যেতিয়া কোনো প্ৰাৰ্থী নিৰ্বাচন কৰে তেতিয়া ব্যক্তিৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে কৰে, কাৰ পুত্ৰ, কোন পৰিয়ালৰ তাৰ ওপৰত নহয় । উল্লেখ্য যে, চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনো কংগ্ৰেছৰ বিধায়ক আছিল । ৰকিবুল হুছেইন ৫ বাৰকৈ বিধায়ক নিৰ্বাচিত হয় সমষ্টিটোৰ পৰা ৷ ৰকিবুল হুছেইন ২০২৪ত সাংসদ নিৰ্বাচিত হোৱাত উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়ে । এই লৈ মুখ্যমন্ত্ৰী শৰ্মাৰ কংগ্ৰেছক শ্লেষ, “কংগ্ৰেছ দলৰ নিয়ম সাধাৰণ কৰ্মকৰ্তাৰ ইয়াত কোনো মূল্য নাই । বাপেকৰ পিছত পুতেক, পুতেকৰ পিছত নাতি, এনেকৈয়ে চলি থাকিব ৷ বাকীবিলাকে আমুল গাখীৰ খাই বাহিৰৰ পৰা চাই থাকিব লাগিব ।”

গৌৰৱ গগৈকো কঠোৰ সমালোচনা :

চামগুৰিৰ পিছত বৃহস্পতিবাৰে দিনটোত বিহালী বিধানসভা সমষ্টিত দুখনকৈ প্ৰচাৰ সভাত যোগদান কৰি ৰোড শ্ব’তো ভাগ লয় হিমন্ত বিশ্ব শৰ্মাই ৷ বিহালী সমষ্টিত এপষেক ধৰি বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ কৰা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈকো টাৰ্গেট কৰি লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থীগৰাকী চাহ জনগোষ্ঠীৰ হোৱাৰ বাবেই গৌৰৱ গগৈয়ে বিৰোধিতা কৰা বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁৰ মন্তব্য, “চাহ বাগিচাৰ এজন প্ৰাৰ্থীক হৰুৱাবলৈ বিহালীত বাহৰ পাতি লৈছে গৌৰৱ গগৈয়ে । চাহ শ্ৰমিকৰ পুত্ৰ হোৱাৰ বাবেই বিহালীৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ বিধায়ক হ’ব নালাগে, মুখ্যমন্ত্ৰীৰ পুত্ৰ হোৱাৰ বাবেই গৌৰৱ গগৈ সাংসদ হ’ব পাৰে ? যোৰহাটৰ পৰা আহি ১৫-২০ দিন বিহালীতেই আছে গৌৰৱ গগৈ ৷ মুখ্যমন্ত্ৰী হোৱাৰ সপোন লৈ বিহালীত দিনে-নিশাই বহি লৈছে যোৰহাটৰ সাংসদ ৷”

কংগ্ৰেছক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সমালোচনাৰে থকা-সৰকা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা সমালোচনাই ভোটাৰক কিমান আকৰ্ষিত কৰে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক: পাপ্পু যাদৱ কোন ? চিনি নাপায় মুখ্যমন্ত্ৰীয়ে

Last Updated : Nov 7, 2024, 10:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.