স্প’ৰ্টছ ডেস্ক, 3 ছেপ্টেম্বৰ:পেৰিছত দপদপনি অব্যাহত ভাৰতৰ জেভলিন থ্ৰ'য়াৰ সুমিত এণ্টিলৰ ৷ সোমবাৰে অভিলেখ সংখ্যক থ্ৰ’ৰে পেৰিছ পেৰালিম্পিকত খেলুৱৈগৰাকীয়ে অৰ্জন কৰে সোণৰ পদক ৷ পুৰুষৰ জেভলিন থ্ৰ’ এফ 64 ইভেণ্টৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়নগৰাকীয়ে পেৰালিম্পিকত দুবাৰকৈ নিজৰে অভিলেখ ভংগ কৰি দেশৰ হৈ অৰ্জন কৰে তৃতীয়টো স্বৰ্ণ পদক ৷
এণ্টিলে 69.11 মিটাৰ থ্ৰ’ৰে প্ৰদৰ্শন আৰম্ভ কৰি টকিঅ’ত স্থাপন কৰা নিজৰে 68.55 মিটাৰ পেৰালিম্পিক ৰেকৰ্ড ভংগ কৰে । দ্বিতীয় থ্ৰ’ত 70.59 মিটাৰৰ অভিলেখ সংখ্যক থ্ৰ’ কৰে খেলুৱৈগৰাকীয়ে ৷
সুমিতৰ পূৰ্বে আই আই টি-মাণ্ডিত বেডমিণ্টনত শ্বাটলাৰ নীতেশে পুৰুষৰ একক এছ এল 3 ইভেণ্টত ভাৰতৰ পদক তালিকাত দ্বিতীয়টো স্বৰ্ণ যোগ কৰে । নীতেশৰ পূৰ্বে শ্বুটাৰ অৱনী লেখাৰাই মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে চলিত পেৰিছ পেৰালিম্পিকত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ লাভ কৰিছিল ৷