স্প’ৰ্টছ ডেস্ক:তিনিচুকীয়া জিলা শৰীৰ চৰ্চা সন্থাৰ উদ্যোগত আৰু সদৌ অসম শৰীৰ চৰ্চা সন্থাৰ সহযোগত বৰদলৈ নগৰস্থিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক ভৱনত বুধবাৰে অনুষ্ঠিত হয় অসম ভিত্তিক দেহশ্ৰী প্ৰতিযোগিতা ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক পুৰুষ-মহিলাই অসম ভিত্তিত অনুষ্ঠিত হোৱা দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ তিনিচুকীয়াৰ একাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত দেহশ্ৰী প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলৰ পাৰদৰ্শিতা দেখি সকলোৱে অভিভূত হয় ৷
এই অসম ভিত্তিক দেহশ্ৰী প্ৰতিযোগিতাখনৰ মুখ্য বিজয়ীগৰাকীক মটক ৰজা সৰ্বানন্দ সিংহৰ সোঁৱৰণত নগদ এক লাখ টকাৰ লগতে ট্ৰফীও প্ৰদান কৰে মটক ৰাজবংশ উন্নয়ন সমিতিয়ে ৷ সেই উপলক্ষে অনুষ্ঠানত উপস্থিত থাকে মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই, সম্পাদক সৰোজ গোহাঁই আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোক ৷ এনে এক বৃহৎ পৰ্যায়ত দেহশ্ৰী প্ৰতিযোগিতা অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা বুলি সদৰি কৰে বিশিষ্ট অতিথিসকলে ৷