লখিমপুৰ, ৩ জানুৱাৰী: লখিমপুৰত বিশ্বমানৰ ছিন্থেটিক ট্ৰেকত অনুষ্ঠিত হৈছে ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা । অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৪৫ সংখ্যক আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা । নৰ্থ লখিমপুৰ কলেজৰ বিশ্বমানৰ ছিন্থেটিক ট্ৰেকত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখনি । ৰাজ্যৰ বিভিন্ন জিলাৰ ১৫ শ প্ৰতিযোগীয়ে অংশগ্রহণ কৰা এই প্ৰতিযোগিতা শনিবাৰে উদ্বোধন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ।
জিলা ক্ৰীড়া সন্থা, অসম এথলেটিকছ সন্থাৰ পতাকা উত্তোলন কৰে বিধায়ক মানৱ ডেকা আৰু অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে । পতাকা উত্তোলন কৰি তেওঁলোকে খেলত অংশগ্ৰহণ কৰা দলসমূহৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে । এই অনুষ্ঠানটো উদ্বোধন কৰি বিধায়ক মানৱ ডেকাই কয় যে লখিমপুৰত প্ৰথমবাৰৰ বাবে এই বিশ্বমানৰ ছিন্থেটিক ট্ৰেকত ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । আশা কৰাতকৈয়ো সুন্দৰভাৱে প্ৰতিযোগিতাখন চলিছে । ৰাজ্যৰ বিভিন্ন জিলাৰ খেলুৱৈসকলে আশানুৰূপ ভাৱে সহাৰি জনোৱা বুলিও তেওঁ কয় ।