স্পৰ্টছ ডেস্ক, ১৬ এপ্ৰিল : চলিত আইপিএল ছিজনত আন এখন ঐতিহাসিক মেচৰ সাক্ষী হ'ল দেশবাসী । পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আইপিএলত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে । মেচখনত হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ২৫ ৰাণত পৰাস্ত কৰে ।
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বাওঁহাতৰ অপেনাৰ ট্ৰেভিছ হেডে ৯ টা চাৰি আৰু ৮ টা ছিক্সাৰৰ সহায়ত ৪১ টা বলত ১০২ ৰাণৰ এক আক্ৰমণাত্মক ইনিংছ খেলে । ৩৯ টা বলত শতক অৰ্জন কৰি তেওঁ আইপিএল ইতিহাসৰ চতুৰ্থ দ্ৰুততম শতক অৰ্জনকাৰী হিচাপে বিবেচিত হয় । এই আকৰ্ষণীয় ইনিংছৰ বাবে হেডক প্লেয়াৰ অফ দ্য মেচ বঁটাও প্ৰদান কৰা হয় ।
চিন্নাস্বামী ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এই হাই স্ক'ৰিং খেলখন অনুষ্ঠিত হয় । প্ৰথমে বেটিং কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে আইপিএল ইতিহাসৰ সৰ্বাধিক ২৮৭ ৰাণ সংগ্ৰহ কৰে । হায়দৰাবাদে বান্ধি দিয়া ২৮৮ ৰাণৰ লক্ষ্যৰ পিছে পিছে আৰচিবিয়েও ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৬২ ৰাণ সংগ্ৰহ কৰে । ফলস্বৰূপে, হায়দৰাবাদে এই হাই স্ক'ৰিং মেচখনত ২৫ ৰাণত জয়ী হয় ।