অসম

assam

By ETV Bharat Sports Team

Published : Sep 3, 2024, 1:52 PM IST

ETV Bharat / sports

ক্ৰীড়া ক্ষেত্ৰত ল’ৰা-ছোৱালীক আগবাঢ়ি যাবলৈ আশা দিব লাগে : অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা - Abhiruchi Sports Day 2024

Interview with Bhogeswar Baruah : আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ যিগৰাকী বিশিষ্ট ব্যক্তিৰ জন্মদিনত এই দিৱস পালন কৰা হয়, সেইগৰাকী নমস্য ব্যক্তিক আমাৰ সকলোৰে পৰিচিত ৷ তেওঁৱেই হৈছে অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱা ৷ জন্মদিন উপলক্ষে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰত অৰ্জুন বঁটা বিজয়ীগৰাকী ৷

ARJUN BHOGESWAR BARUAH
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, ৩ ছেপ্টেম্বৰ : আজি অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ ওপজাদিন ৷ যাৰ বাবে প্ৰতিবছৰে এই বিশেষ দিনটোক পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৷ ১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰৰ জয়সাগৰৰ সুন্দৰপুৰত জন্মগ্ৰহণ কৰিছিল অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই ৷

অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ীৰ শুভ জন্মদিন (ETV Bharat Assam)

ফুটবল খেলুৱৈৰূপে ক্ৰীড়া জীৱন আৰম্ভ কৰাৰ পাচত ১৯৬০ চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰা বৰুৱাই ১৯৬৪-১৯৬৫ চনৰ ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাৰো আছিল স্বৰ্ণ বিজয়ী ৷ ১৯৬৬ চনৰ বেংককত পঞ্চম এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণপদক প্ৰাপ্ত প্ৰথমগৰাকী অসমীয়াৰূপে পৰিগণিত হয় ভোগেশ্বৰ বৰুৱা ৷ একেটা বছৰতে (১৯৬৬ চনত) তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় ।

১৯৭০ চনত পুনৰ এছিয়ান গেমছৰ ৪০০ মিটাৰ ৰীলেত ৰূপৰ পদক দখল কৰা ভাৰতীয় দলৰ অন্যতম সদস্য আছিল ভোগেশ্বৰ বৰুৱা ৷ অল ইণ্ডিয়া কাউন্সিল অৱ স্প’ৰ্টচ আৰু ৰাষ্ট্ৰীয় এথলেটিক দলৰো নিৰ্বাচক আছিল ভোগেশ্বৰ বৰুৱা ৷ ৬ বছৰ ধৰি উক্ত পদবীত কাৰ্যনিৰ্বাহ কৰিছিল বিশিষ্ট ক্ৰীড়াবিদগৰাকীয়ে ৷ ১৯৬৮ চনৰ পৰা ৫০ বছৰ ধৰি অৰ্জুন বঁটা নিৰ্বাচক সমিতিৰো সদস্য আছিল ভোগেশ্বৰ বৰুৱা ৷

৩ ছেপ্টেম্বৰত ক্ৰীড়াবিদজনৰ জন্মদিনটোক অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় ৷ বিগত বৰ্ষত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৮৫ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি অসম চৰকাৰে প্ৰথমবাৰৰ বাবে উদযাপন কৰিছিল ক্ৰীড়া পেঞ্চন দিৱস । ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্ত মৰ্মে পালন কৰা হৈছিল এই দিৱসৰ সকলো কাৰ্যসূচী ৷

লগতে পঢ়ক:ৰংপুৰজ্যোতি ক্লাৱৰ উদ্যোগত কেক কাটি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন পালন - ABHIRUCHI SPORTS DAY 2024

ABOUT THE AUTHOR

...view details