অসম

assam

ETV Bharat / sports

পিটচ নহয়, ৰাজপথতহে অনুষ্ঠিত হৈছে ইংলেণ্ড-পাকিস্তানৰ টেষ্ট !

Multan Cricket Stadium: মূলতানত চলি থকা ইংলেণ্ড-পাকিস্তানৰ মাজৰ প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত পাকিস্তান ৷ পিছে এই টেষ্টক লৈ সন্তুষ্ট নহয় প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেন ৷

By ETV Bharat Sports Team

Published : 4 hours ago

ENG VS PAK TEST SERIES
ইংলেণ্ড পাকিস্তানৰ মাজত অনুষ্ঠিত মূলতান টেষ্ট (AP)

স্প’ৰ্টছ ডেস্ক, 8 অক্টোবৰ: পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হৈছে মূলতান ক্ৰিকেট ষ্টেডিয়ামত ৷ এই টেষ্টত বৰ্তমানলৈকে আধিপত্য বিস্তাৰ কৰিছে বেটছমেনসকলে ৷

পাকিস্তানৰ ক্ৰিকেট খেলপথাৰৰ পিটচসমূহ সমতল স্বৰূপৰ বাবে প্ৰায়ে আহে তদন্তৰ আওতালৈ ৷ পুনৰ এবাৰ একে বিতৰ্কই গা কৰি উঠিছে পাকিস্তানত ৷ যাৰ বাবে দেশখনৰ ক্ৰিকেট অনুৰাগীসকলৰ লগতে আৰু প্ৰাক্তন ক্ৰিকেটাৰৰ দ্বাৰা সমালোচনাৰ সন্মুখীন হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড ।

মূলতান টেষ্টৰ দ্বিতীয় দিনটোৰ প্ৰথম ছিজনৰ শেষত পাকিস্তানে 397/6 ৰাণ সংগ্ৰহ কৰে ৷ দলটোৰ হৈ আব্দুল্লা শ্বাফিক(102) আৰু শ্বান মাছুদে(151) শতক অৰ্জন কৰে । দলটোৰ হৈ চাউদ চাকিলেও আকৰ্ষণীয় ইনিংছ খেলিছিল ।

মেচখনৰ প্ৰথম দিনটোৰ অন্তত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেনে "বলাৰৰ বাবে কবৰস্থান" বুলি কৈ পিটচৰ উপৰিভাগ খান্দিবলৈ কয় । কিয়নো পিটচখন ইমানে খহটা আছিল যে, মেচখন ৰাজপথত অনুষ্ঠিত হোৱা বুলিলেও ভুল কোৱা নহ’ব ৷ পিটচৰ প্ৰকৃতি সন্দৰ্ভত সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলেও প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইকেল ভ’গানেও ‘এক্স’ হেণ্ডেলত এটা মন্তব্য পোষ্ট কৰি কয় যে, খেলপথাৰখন ৰাজপথৰ দৰে দেখা গৈছে । পাকিস্তান ক্ৰিকেট ব’ৰ্ডে খেলপথাৰৰ সমতল পিটচৰ বাবে প্ৰায়ে সমালোচনাৰ সন্মুখীন হয় ৷

কিছুদিনৰে পৰা পাকিস্তান ক্ৰিকেটত দুৰ্দিন চলি থকা বুলি ক’ব পৰা যায় ৷ প্ৰথমে টি-20 বিশ্বকাপত হতাশাজনক অভিযান চলোৱাৰ পিছত বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজয়ৰ সন্মুখীন হৈছিল দলটো । তদুপৰি খেলুৱৈসকলৰ মাজত থকা বিভাজনৰ প্ৰভাৱ দলৰ সামগ্ৰিক প্ৰদৰ্শনত পৰাৰো অভিযোগ সংবাদ মাধ্যমত উত্থাপন হৈছিল ।

শেহতীয়াকৈ বাবৰ আজমেও বগা বলৰ অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰিছে ৷ তাৰপিছৰে পৰা এই মুহূৰ্তলৈকে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তান দলৰ পৰৱৰ্তী অধিনায়কৰ নাম ঘোষণা কৰা নাই ।

লগতে পঢ়ক:টেষ্টৰ প্ৰথম দিনটোতে শক্তিশালী স্থিতিত পাকিস্তান; মাছুদ-ছাফিকৰ শতক অৰ্জন

ABOUT THE AUTHOR

...view details