অসম

assam

ETV Bharat / sports

কেনেদৰে প্ৰেমত পৰিছিল স্মৃতি মন্ধানা; ক্ৰিকেটাৰগৰাকীৰ হৃদয়ৰ ৰজা কোন ? - INDIAN CRICKETER SMRITI MANDHANA

Smriti Mandhana affair: প্ৰেমত পৰিছে ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানা ৷ পিছে কাৰ প্ৰেমত হাবু-ডাবু খাইছে ক্ৰিকেটাৰগৰাকী, এই কথা জানিবলৈ ইচ্ছুক হৈ পৰিছে অনুৰাগীসকল ৷

INDIAN CRICKETER SMRITI MANDHANA
স্মৃতি মন্ধানা (ANI PHOTO)

By ETV Bharat Sports Team

Published : Nov 5, 2024, 7:29 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানাৰ বাবে দেশৰ লক্ষাধিক যুৱ অনুৰাগীৰ হৃদয় আজিও হেন্দোলিত হয় ৷ খেলপথাৰত দুৰ্দান্ত বেটিং বিক্ৰমৰ বাবে জনাজাত সুন্দৰী ক্ৰিকেটাৰগৰাকী খেলপথাৰৰ বাহিৰতো সমানে জনপ্ৰিয় ৷

স্মৃতি শেহতীয়াকৈ মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় বেটছমেনত পৰিণত হৈছে । পিছে আজি আমি যি খবৰ দিবলৈ বিচাৰিছো, সেয়া শুনিলে হয়তো দেশৰ বহু যুৱকৰ হৃদয় ভাঙিব ৷

কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে বিয়পি আছে ক্ৰিকেটাৰগৰাকীৰ অনুৰাগী ৷ শেহতীয়াকৈ বেটিং শৈলীৰে প্ৰতিপক্ষৰ বলাৰক দিশহাৰা কৰা মহিলা ক্ৰিকেটাৰগৰাকীৰ জীৱনলৈ আহিছে প্ৰেম ৷

স্মৃতি মন্ধানা (ANI PHOTO)

কিছুদিনৰে পৰা এজন যুৱকৰ সৈতে ডেটত ব্যস্ত হোৱা দেখা গৈছে স্মৃতি মন্ধানাক ৷ পিছে ক্ৰিকেটাৰগৰাকী কাৰ প্ৰেমত পৰিছে, তাক জানিবলৈ উৎসুক হৈ পৰিছে অনুৰাগী ৷

স্মৃতি মন্ধানাৰ প্ৰেমিক কোন ?

স্মৃতি মন্ধানা হৈছে মহিলা ক্ৰিকেটৰ এদিনীয়াত সৰ্বাধিক শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় বেটছমেন ৷ যাৰ বাবে সামাজিক মাধ্যমত অনুৰাগীসকলৰ পৰা অভিনন্দন লাভ কৰি আহিছে স্মৃতিয়ে ।

এই অনুৰাগীৰ তালিকাত আছে পলাশ মুচ্ছলৰ নাম ৷ 27 বছৰীয়া ক্ৰিকেটাৰ স্মৃতি মন্ধানাৰ সৈতে সম্প্ৰতি ডেটিঙত ব্যস্ত থকা 29 বছৰীয়া পলাশ মুচ্ছল হৈছে এগৰাকী ভাৰতীয় সুৰকাৰ, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক ৷ মুচ্ছলে ইতিমধ্যে বলীউডৰ বহুতো গান ৰচনা কৰিছে ।

দুয়োগৰাকীৰ মাজত আছে দুবছৰৰ বয়সৰ পাৰ্থক্য ৷ পলাশৰ জ্যেষ্ঠ ভগ্নী পলক মুচ্ছল বলীউডৰ এগৰাকী প্ৰতিষ্ঠিত গায়িকা, যিয়ে ছলমান খানৰ পৰা হৃত্বিক ৰোশনলৈকে অভিনয় কৰা চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰিছে ৷

সংগীতৰ সৈতে জড়িত থকাৰ উপৰিও পলাশ মুচ্ছল এজন চলচ্চিত্ৰ পৰিচালক । 2024 চনত তেওঁৰ ছবি "কাম চালু হে" এ অ’টিটিত মুক্তি লাভ কৰে, য’ত ৰাজপাল যাদৱ আৰু জিয়া মানেকে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ছবিখনে জি-5 ত দৰ্শকৰ ভাল সঁহাৰি লাভ কৰিছিল ।

কেনেদৰে আৰম্ভণি ঘটিছিল এই প্ৰেমৰ সম্পৰ্কৰ

পলাশ মুচ্ছল আৰু স্মৃতি মান্ধানাই সামাজিক মাধ্যমত ইজনে সিজনক ফ’ল’ কৰিছিল । পৰৱৰ্তী সময়ত তেওঁলোক দুয়োগৰাকীৰ মাজত বন্ধুত্বৰ সম্পৰ্ক স্থাপন হৈছিল আৰু দুয়োজনে নিজৰ নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত ইজনে সিজনৰ ফটো পোষ্ট কৰিছিল ।

18 জুলাইত মন্ধানাৰ জন্মদিনত পলাশে পোষ্ট কৰিছিল, "শুভ জন্মদিন মোৰ ধুনীয়া ছোৱালী ! আপুনি মোৰ বাবে সকলো আৰু মই আপোনাৰ অবিহনে মোৰ জীৱন কল্পনা কৰিব নোৱাৰো" । সামাজিক মাধ্যমত দিয়া এই আৱেগিক পোষ্টটোৰ পিছত দুয়োগৰাকীৰ প্ৰেমৰ সম্পৰ্কৰ কথা পোহৰলৈ আহে ৷

পলাশে প্ৰায়ে স্মৃতিৰ খেল উপভোগ কৰিবলৈ যায় আৰু ক্ৰিকেটাৰগৰাকীক ষ্টেডিয়ামত উপস্থিত থাকি উৎসাহিত কৰে । তেওঁ 2023 চনত বাংলাদেশলৈ গৈছিল, য’ত ভাৰত-বাংলাদেশৰ ক্ৰিকেট মেচ চলি আছিল ৷

কিছুমান সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পলাশে মন্ধানাক ভগ্নীৰ সৈতেও চিনাকী কৰাই দিছিল । প্ৰায় 5 বছৰ ধৰি দুয়োগৰাকীয়ে প্ৰণয়পাশত আৱদ্ধ হৈ আছে আৰু একেলগে জীৱনটো অতিবাহিত কৰাৰ পৰিকল্পনা কৰিছে ৷

লগতে পঢ়ক:স্মৃতি মন্ধানাৰ শতকৰে তৃতীয় এদিনীয়াত ভাৰতৰ হাতত ধৰাশায়ী নিউজিলেণ্ড

ABOUT THE AUTHOR

...view details