অসম

assam

ETV Bharat / sports

ৱমেনছ প্ৰিমিয়াৰ লীগ 2025; সৰ্বাধিক ব্যয়বহুল খেলুৱৈত পৰিণত ছিমৰণ শ্বেখ - WPL 2025

Most expensive player in WPL 2025: মুম্বাইৰ ছিমৰণ শ্বেখৰ দৰে এগৰাকী আনকেপড খেলুৱৈক গুজৰাট জায়েণ্টছে 1.9 কোটি টকাত ক্ৰয় কৰে ।

WPL 2025
ৱমেনছ প্ৰিমিয়াৰ লীগ 2025 ৰ নিলাম (IANS PHOTO)

By ETV Bharat Sports Team

Published : 6 hours ago

স্প’ৰ্টছ ডেস্ক: দেওবাৰে বেংগালুৰুত অনুষ্ঠিত হয় ৱমেনছ প্ৰিমিয়াৰ লীগ 2025 ৰ নিলাম কাৰ্যসূচী ৷ ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডেন্দ্ৰা ডটিন, মুম্বাইৰ বেটছমেন ছিমৰণ শ্বেখ আৰু ভাৰতৰ অনুৰ্ধ-19 উইকেটকীপাৰ বেটছমেন জি কামালিনীয়ে এই নিলামত বৃহৎ পৰিমাণৰ ধন লাভ কৰে ।

ছিমৰণক শ্বেখক 1.9 কোটি টকাত ক্ৰয়

50 লাখ টকাৰ সংৰক্ষিত মূল্যৰ মাত্ৰ তিনিগৰাকী খেলুৱৈৰ মাজৰ এগৰাকী ডেন্দ্ৰাক গুজৰাট জায়েণ্টছে নিলামৰ জৰিয়তে 1.7 কোটি টকাত চুক্তিবদ্ধ কৰে ৷ কিন্তু ছিমৰণৰ দৰে এগৰাকী আনকেপড খেলুৱৈকো গুজৰাট জায়েণ্টছে 1.9 কোটি টকাত ক্ৰয় কৰা দেখা যায় ।

ডব্লিউ পি এল 2023 ত ইউ পি ৱাৰিয়ৰ্ছৰ সৈতে খেলা ছিমৰণ জ্যেষ্ঠ মহিলা টি-20 ট্ৰফী বিজয়ী মুম্বাই দলৰ সদস্য আছিল ৷ তদুপৰি চেলেঞ্জাৰ ট্ৰফী জয় কৰা ইণ্ডিয়া ই দলৰো সদস্য আছিল খেলুৱৈগৰাকী ।

কমলিনীক 1.6 কোটি টকাত ক্ৰয় মুম্বাই ইণ্ডিয়ানছৰ

অনুৰ্ধ-19 এছিয়া কাপৰ খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 9 উইকেটৰ জয়ত অপৰাজিত 44 ৰাণ সংগ্ৰহ কৰা কমলিনীক মুম্বাই ইণ্ডিয়ানছে 1.6 কোটি টকাত ক্ৰয় কৰে ।

তামিলনাডুৰ 16 বছৰীয়া যুৱতীগৰাকীয়ে চেন্নাইৰ চুপাৰ কিংছ একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷ চলিত বৰ্ষৰ অক্টোবৰত তামিলনাডুৱে অনুৰ্ধ-19 মহিলা টি-20 ট্ৰফী জয় কৰাৰ লগে লগে আঠখন খেলত 311 ৰাণ সংগ্ৰহ কৰি সংবাদ শিৰোনাম দখল কৰিছিল এইগৰাকী মহিলা ক্ৰিকেটাৰে ৷ যষ্টিকা ভাটিয়াৰ পিছত তেওঁ মুম্বাই ইণ্ডিয়ানছৰ দ্বিতীয়গৰাকী উইকেটকীপাৰ বেটছমেনৰ বিকল্প হোৱাৰ সম্ভাৱনা আছে ৷

বেংগালুৰুই 1.2 কোটি টকাত ক্ৰয় কৰিলে প্ৰেমা ৰাৱটক

নিলামত বৃহৎ পৰিমাণৰ ধনৰাশি লাভ কৰা আন এগৰাকী উল্লেখযোগ্য আনকেপড ভাৰতীয় খেলুৱৈ হ’ল উত্তৰাখণ্ডৰ অলৰাউণ্ডাৰ প্ৰেমা ৰাৱট ৷ এই খেলুৱৈগৰাকীক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 1.2 কোটি টকাত ক্ৰয় কৰিছিল । লেগস্পিন বল কৰা প্ৰেমাই এই বছৰ উত্তৰাখণ্ড প্ৰিমিয়াৰ লীগৰ (ইউ পি এল) খিতাপ জয় কৰা মুচুৰী থাণ্ডাৰৰ জয়ত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ।

লগতে পঢ়ক:আই পি এলৰ ইতিহাসৰ সৰ্বাধিক দামী খেলুৱৈসকল...

ABOUT THE AUTHOR

...view details