ETV Bharat / state

এনপিএছ বাতিলৰ দাবীত পহিলা ফেব্ৰুৱাৰীত ক’লা দিৱস - AGENDA OF AGITATION AGAINST NPS

এনপিএছ ব্যৱস্থা বাতিল কৰাৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা । চৰকাৰক সকীয়নি কৰ্মচাৰী সমাজৰ ।

NPS Employees Association
সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2024, 10:56 PM IST

গুৱাহাটী: ৰাষ্ট্ৰীয় নতুন পেঞ্চন আঁচনি চমুকৈ এনপিএছ ব্যৱস্থা বাতিল কৰাৰ দাবীত আগন্তুক বৰ্ষৰ ১ ফেব্ৰুৱাৰীত ৰাজ্যৰ কৰ্মচাৰীসকলে পালন কৰিব ‘ক’লা দিৱস’ । তদুপৰি আগন্তুক অসম বিধানসভাৰ বাজেট অধিৱেশনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰো হুংকাৰ দিছে । একেদৰে অহা ১ মে’ত কৰ্মচাৰী সমাৱেশ অনুষ্ঠিত কৰিব ।

সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ আহ্বানত শনিবাৰে খানাপাৰা ফাৰ্মগেটস্থিত সদৌ অসম পশুচিকিৎসা ক্ষেত্ৰ সহায়ক কৰ্মচাৰী সন্থাৰ কাৰ্যালয় প্ৰাংগণত আয়োজিত যৌথ মঞ্চৰ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে । সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এই সন্দৰ্ভত কয়," চৰকাৰে চৰকাৰী কৰ্মচাৰী সমাজৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠা কৰক । এয়া ৰাজ্যৰ শিক্ষক-শ্ৰমিক-কৰ্মচাৰীৰ লগতে অসমৰ প্ৰতিজন সমাজহিতৈষীৰ উমৈহতীয়া আহ্বান । ভাৰত চৰকাৰে যদিও ইউপিএছ আচনি ঘোষণা কৰিছে, অসম চৰকাৰ আজিও নিশ্চুপ । পুৰণি পেঞ্চন পুন:প্ৰতিষ্ঠাৰ সংগ্ৰামক তীব্ৰৰ পৰা তীব্ৰতৰ কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ।"

সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এই সন্দৰ্ভত কয়," এনপিএছ ব্যৱস্থা কৰ্মচাৰী সমাজৰ শংকাৰ কাৰক আৰু এই ব্যৱস্থাটো বাতিল কৰি পুৰণি পেঞ্চনৰ যোগেদি কৰ্মচাৰী সমাজৰ অৱসৰী সুৰক্ষা প্ৰদান কৰাৰ বাবে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থা আৰু অসমৰ আন আন শিক্ষক,বিষয়া, কৰ্মচাৰী সন্থাই চৰকাৰক জনোৱা আহ্বানক চৰকাৰে সহাৰি নজনাই কৰ্মচাৰী সকলক ক্ষোভিত কৰিছে । কৰ্মচাৰী সমাজৰ মৰ্মবেদনা চৰকাৰে উপলব্ধি কৰিবই লাগিব ।"

সভাত কৰ্মচাৰী সকলক অৱসৰকালিন আৰ্থিক সুৰক্ষা প্ৰদান কৰিবই লাগিব বুলি দাবী উত্থাপন কৰি নেতাদ্বয়ে কয়," যদিহে আগন্তুক তিনিটা কাৰ্যসূচীৰ পিছতো চৰকাৰ আৰু ৰাজনৈতিক শক্তিসমূহে বিষয়টোৰ ক্ষেত্ৰত নিৰ্লিপ্ততা অৱলম্বন কৰি থাকে ৰাইজে নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব । চৰকাৰক পুনৰ দোহৰাৰ উপৰি বিষয়টোক পুনৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে । আগন্তুক সময়ত ৰাজ্যৰ প্ৰতিটো অঞ্চলতে এই বিষয়ত ৰাইজক সজাগ কৰাৰ বাবে এক প্ৰক্ৰিয়া ইতিমধ্যে কৰ্মচাৰী সমাজে গ্ৰহণ কৰিছে ।"

লগতে পঢ়ক:নতুন পেন্সন নীতিৰ বিৰোধিতাৰে অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ ধৰ্ণা - Protest against NPS in Guwahati - PROTEST AGAINST NPS IN GUWAHATI

নতুন পেন্সন নীতিৰ বিৰোধিতাৰে ৰে’লৱে কৰ্মচাৰীৰ প্ৰতিবাদ - Protest against NPS - PROTEST AGAINST NPS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.