গুৱাহাটী: নদী পৰ্যটনক কেন্দ্ৰ হিচাপে লৈ অসম পৰ্যটন বিভাগৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল । ৯০ দিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত আৰম্ভ হোৱা এই মহোৎসৱ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে ।
এই মহোৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাস কয় ,"আজিৰ পৰা অৰ্থাৎ ১৫ ডিচেম্বৰৰ পৰা লুইতৰ বলুকাত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল । ৯০ দিনীয়া আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে আৰম্ভ হৈছে এই মহোৎসৱ । নৈসৰ্গিক পৰিৱেশৰ মাজত প্ৰযুক্তিগত চিন্তাৰে উত্তৰ-পূৰ্বাঞ্চলবাসী তথা দেশী-বিদেশী পৰ্যটকক আমোদ দিয়াৰ উদ্দেশ্যৰে অহা ১৫ মাৰ্চলৈ গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হোৱা এই ব্ৰহ্মপুত্ৰ কাৰ্ণিভেলৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি অতিকৈ আনন্দিত হৈছো ।
পৰ্যটকে কি কি সুবিধা লাভ কৰিব ?
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস কয় লগতে কয়," ব্ৰহ্মপুত্ৰৰ বলুকাত আৰম্ভ হোৱা শীতকালীন মহোৎসৱৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতিৰ সৈতে চিনাকী হোৱাৰ উপৰি মহোৎসৱত থকা ৩০ খন খাদ্যৰ বিপনীত পৰম্পৰাগত খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে বিভিন্ন খেল-ধেমালিৰ অনন্য অভিজ্ঞতা লাভ কৰিব পাৰিব । তদুপৰি যিসকল দেশী-বিদেশী পৰ্যটকে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি নিশা কটাব বিচাৰে তেওঁলোকৰ বাবে ব্ৰহ্মপুত্ৰৰ বালিচৰত অত্যাধুনিক কক্ষৰ ব্যৱস্থা কৰা হৈছে ।"
তেওঁ পুনৰ কয়," নিশা শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব । এই মহোৎসৱলৈ আহি আমাৰ ইতিহাস,পৰম্পৰা, আধ্যাত্মিকতা,প্ৰকৃতি আৰু লোক-সাহিত্যৰ কাহিনীৰ উমান পোৱাৰ উপৰি অসমৰ পৰ্যটন সম্ভাৱনাকো ই বৃদ্ধি কৰিব। "
এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় ," দুবছৰ আগতে পাইলত প্ৰজেক্ট হিচাপে ব্ৰহ্মপুত্ৰ কাৰ্ণিভেলৰ আয়োজন কৰা হৈছিল । এইবাৰ দ্বিতীয়বাৰৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছে । ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল অসমৰ পৰ্যটন ক্ষেত্ৰখনত নতুন সংযোজন হ'ব । অসম পৰ্যটনক নতুন মাত্ৰা প্ৰদান কৰিব ।"