ETV Bharat / bharat

বিখ্যাত তবলাবাদক জাকিৰ হুছেইনৰ দেহাৱসান - USTAD ZAKIR HUSSAIN PASSES AWAY

বিখ্যাত তবলাবাদক জাকিৰ হুছেইনৰ দেহাৱসান । ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তবলা মেষ্ট্ৰ’গৰাকী ।

Ustad Zakir Hussain passes away
বিখ্যাত তবলাবাদক জাকিৰ হুছেইনৰ দেহাৱসান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Updated : 2 hours ago

নতুন দিল্লী: ভাৰতীয় সংগীতৰ নক্ষত্ৰ প্ৰখ্যাত তবলাবাদক ওস্তাদ জাকিৰ হুছেইনৰ দেহাৱসান ৷ ছান ফ্ৰান্সিস্কোত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে তবলা মেষ্ট্ৰ’গৰাকীয়ে । তেওঁৰ বন্ধু তথা বাঁহীবাদক ৰাকেশ চৌৰাছিয়াই দেওবাৰে জনাইছিল যে জাকিৰক আই চি ইউত ভৰ্তি কৰা হৈছে । ইয়াৰ কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যুৰ খবৰ আহিল । এইটো জাকিৰৰ পৰিয়াল আৰু বিশ্বজুৰি তেওঁৰ অনুৰাগীৰ বাবে এক ডাঙৰ আঘাত ।

তবলাক বিশ্বৰ মঞ্চলৈ লৈ যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংগীতজ্ঞগৰাকীৰ ৰক্তচাপৰ সমস্যা আছিল বুলিও হুছেইনৰ মেনেজাৰ নিৰ্মলা বাচানীয়ে জানিবলৈ দিয়ে । বাচানীয়ে লগতে কয় যে যোৱা দুসপ্তাহ ধৰি তেওঁক হৃদযন্ত্ৰৰ সমস্যাৰ বাবে ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হয় আৰু তাৰ পিছত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয় ।

পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্ম বিভূষণ সন্মানেৰে সন্মানিত:

বিখ্যাত তবলাবাদক ওস্তাদ জাকিৰ হুছেইনক ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২৩ চনত পদ্ম বিভূষণ আদি বঁটাৰে সন্মানিত কৰা হৈছে । কেৱল এয়াই নহয়, জাকিৰ হুছেইন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই অল ষ্টাৰ গ্ল’বেল কনচাৰ্টত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা প্ৰথমজন ভাৰতীয় তবলাবাদক ।

৩ বছৰ বয়সৰ পৰাই তবলাৰ অনুশীলন আৰম্ভ কৰিছিল:

১৯৫১ চনত মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত জন্মগ্ৰহণ কৰা জাকিৰ হুছেইনে মাত্ৰ ৩ বছৰ বয়সৰ পৰাই তবলা বজোৱাৰ অনুশীলন আৰম্ভ কৰিছিল । কেৱল এয়াই নহয়, ৭ বছৰ বয়সৰ পৰাই তেওঁ তাবলৈ বজোৱা আৰম্ভ কৰিছিল । ১১ বছৰ বয়সত জাকিৰ হুছেইনে বিভিন্ন ঠাইত নিজৰ অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰে । প্ৰায় চাৰি দশক পূৰ্বে বিখ্যাত তবলাবাদক ওস্তাদ জাকিৰ হুছেইনে সমগ্ৰ পৰিয়ালসহ আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত বসতি স্থাপন কৰিছিল ।

লগতে পঢ়ক: ইহ সংসাৰৰ পৰা বিদায় মাগিলে বিশিষ্ট সন্তুৰবাদক পংকজ শৰ্মাই

Last Updated : 2 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.