মেষ- আজি লেখক আৰু শিল্পীৰ বাবে সময় অনুকূল হ’ব ৷ কথা কওঁতে সাৱধান হওক ৷ ভাতৃপ্ৰেম বাঢ়িব ৷ দুপৰীয়াৰ পাছত চিন্তা বৃদ্ধি পাব আৰু কামৰ প্ৰতি নিৰুদ্বেগ হ’ব পাৰে ৷ কোনো কথাত আবেগিক হ’ব পাৰে ৷ আৰ্থিক দিশত দিনটো শুভ ৷ শাৰীৰিকভাৱেও সুস্থ হৈ থাকিব ৷
বৃষ- গুৰুত্বপূৰ্ণ কাম আজি সমাপন কৰিব পাৰিব ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ ৷ ধন লাভৰ সম্ভাৱনা ৷ শাৰীৰিক আৰু মানসিকভাৱে উৎসাহী হৈ থাকিব ৷ পৰিয়ালৰ সৈতে আনন্দৰে ভৰা দিন পাৰ কৰিব পাৰিব ৷ কোনো কামত খৰখেদা নকৰিব, ভাল সুযোগ হেৰুৱাব পাৰে ৷ বাহন চলাওতে সাৱধান হওক ৷
মিথুন- সকলো বিষয়তে সাৱধান হওক ৷ ঘৰুৱা ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ সৈতে বিবাদ হ’ব পাৰে ৷ আজি নতুন কামৰ আৰম্ভণি নকৰাই মংগল ৷ শাৰীৰিক আৰু মানসিক চিন্তা থাকিব ৷ আত্মবিশ্বাস বাঢ়িব ৷ বাহিৰত খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হওক ৷
কৰ্কট- আজিৰ দিনটো পাৰিবাৰিক তথা ব্যৱসায়িক ক্ষেত্ৰত লাভ হ’ব ৷ প্ৰিয়জনৰ সৈতে সাক্ষাৎ হ’ব ৷ মানসিক তথা শাৰীৰিক অৱস্থা সুস্থিৰ হৈ থাকিব ৷ কিন্তু দুপৰীয়াৰ পাছত কোনো কথাক লৈ চিন্তিত হ’ব পাৰে ৷ অনৰ্থক খৰচ হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷
সিংহ- দিনটো আনন্দপূৰ্ণ হ’ব ৷ ব্যৱসায়ীসকলৰ বাবেও দিনটো শুভ ৷ চাকৰিয়ালৰ বাবে এটা সাধাৰণ দিন ৷ পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত পাৰ কৰিব ৷ আৰ্থিক লাভ ৷ সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব ৷ দাম্পত্যত সুখ বৃদ্ধি ৷ স্বাস্থ্যৰ প্ৰতি চিন্তাৰ কাৰণ নাই ৷
কন্যা- আজি নতুন কাম আৰম্ভণিৰ বাবে দিনটো শুভ ৷ ধাৰ্মিক কাৰ্যত মনোনিৱেশ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত কামৰ বোজা বাঢ়িব পাৰে ৷ বিদেশ ভ্ৰমণ হ’ব পাৰে ৷ কোনো আধৰুৱা কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ৷ গাৰ্হস্থ্য জীৱন সুখৰ হ’ব ৷ সন্মান লাভ যোগ ৷
তুলা- কোনো কামক লৈ মন উদাস হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি ধ্যান দিব ৷ বাহিৰত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক ৷ যাত্ৰাত বিঘিনিৰ আশংকা ৷ দুপৰীয়াৰ পাছত কোনো আত্মীয়ৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷
বৃশ্চিক- পাৰিবাৰিক সুখ-আনন্দৰে দিনটো পাৰ হ’ব ৷ ভ্ৰমণৰ বাবে অনুকূল সময় ৷ স্বাস্থ্যৰ অৱস্থাই আমনি কৰিব পাৰে ৷ কোনো বিষয়ে চিন্তিত কৰিব ৷ কৰ্মক্ষেত্ৰত নতুন কাম আৰম্ভ নকৰিব ৷ প্ৰেমত শুভ ৷
ধনু- আজি কামত সুফল পাব ৷ শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে ৷ কোনো বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ৷ সহযোগীৰ সহায় লাভ ৷ প্ৰশংসা লাভ কৰিব পাৰে ৷ দাম্পত্যত সুখ ৷ ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনা ৷
মকৰ- পৰিশ্ৰম অনুসৰি ফল লাভ কৰিব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ’ব ৷ শাৰীৰিক অৱস্থাও ভাল হ’ব ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷ সহযোগীৰ সহায় লাভ ৷ বাহিৰত খোৱা-বোৱা কৰোতে সাৱধান হওক ৷
কুম্ভ- আজি আত্মবিশ্বাস বৃদ্ধি পাব ৷ পৈতৃক সম্পত্তি লাভ ৷ ঘৰ বা বাহন সম্পৰ্কীয় নথি-পত্ৰৰ কাম সাৱধানে কৰক ৷ মনত কোনো কথাই আনন্দ দিব ৷ সকলো কামতে সন্তুষ্টি থাকিব ৷ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক ৷ অনৰ্থক ব্যয়ৰ পৰা আঁতৰি থাকক ৷
মীন- আজি কোনো কথাত চিন্তিত হ’ব পাৰে ৷ আনন্দ আৰু উৎসাহ বৃদ্ধি পাব ৷ কৰ্মস্থলীত আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ ব্যৱসায়ত লাভ ৷ আৰ্থিক বিষয়ত ধ্যান দিয়ক ৷ আজি যিকোনো কাম মনোবল আৰু আত্মবিশ্বাসেৰে সম্পূৰ্ণ কৰক ৷ বিদ্যাৰ্থীৰ বাবে দিনটো শুভ ৷