ETV Bharat / state

আকাশ ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে: মুখ্যমন্ত্ৰী - CM REACTS TO AKASH PHUKANS REMARKS

বোকাখাতৰ বিখ্যাত কলপাতত দিয়া পুৰিৰ জুতি ল'লে মুখ্যমন্ত্ৰী শৰ্মাই । সোৱাদ ল'লে বোকাখাতৰ সুস্বাদু পেৰাৰো । হোটেলতে বহি খালে ৰবাব টেঙা ।

CM reacts to Akash Phukans remarks
পুৰিৰ জুতি ল'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 10:49 PM IST

গোলাঘাট: শনিবাৰে গোলাঘাটত এখন চৰকাৰী সভাত উপস্থিত থাকি ঘূৰি যাওঁতে বোকাখাতত কলপাতত পুৰি আৰু পেৰাৰ সোৱাদ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পুৰি আৰু পেৰাৰ সোৱাদ লৈ মুখ্যমন্ত্ৰীয়ে কয়, "মই বোকাখাতত প্ৰায়েই পেৰা আৰু পুৰি খাওঁ ৷ মুখ্যমন্ত্ৰী হোৱাৰ পাছত য’তে থাকো তাতেই মাতি আনি খাইছিলো । আজি যিহেতু গোলাঘাটৰ পৰা গুৱাহাটীলৈ গাড়ীৰে যাম সেইকাৰণে গোপাল কৃষ্ণত সোমাই পেৰা আৰু পুৰি খালো ৷ সকলোকে লগ পালোঁ ভাল লাগিছে ।"

তেওঁ দেওপাহাৰৰ প্ৰসংগত কয়, "দেওপাহাৰৰ বাবে মই ব্যৱস্থা গ্ৰহণ কৰি আছো ৷ লগতে বিভাগীয় বিষয়াসকল লাগি আছে ৷ আমি গোটেই পাহাৰখনক প্ৰত্নতাত্বিকভাৱে খননকাৰ্য চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু যিমান পাৰো সোনকালে কৰাৰ চেষ্টা কৰিছো । বোকাখাত ষ্টেডিয়াম আৰু অলপ ডাঙৰ কৰিবলৈ অতুল বৰাক কোৱা হৈছে । লগতে চিকিৎসালখনৰ কিছু অভাৱ আছে মই ঠিক কৰি দিম ।"

পুৰিৰ জুতি ল'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে বঞ্চিত জনতাৰ প্ৰতিবাদ

ইফালে অডিঅ’ ভাইৰেলৰ দ্বাৰা বিতৰ্কত সাঙোৰ খাই পৰা বিজেপিৰ যুৱ নেতা আকাশ ফুকনৰ প্ৰসংগত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, "আকাশ ফুকন সমাজসেৱী ল'ৰা ৷ কিন্তু মানুহৰ যদি মুখখন ভাল নাথাকে তেতিয়া মানুহে বেয়া পায় ৷ বিজেপি দলত আমি বিচাৰো যে মানুহ সংস্কৃতিবান হওঁক, ডাঙৰক সন্মান কৰক সৰুক মৰম কৰক । ৰণোজ পেগু আমাৰ এজন জ্যেষ্ঠ মন্ত্ৰী ৷ তেওঁৰ বিষয়ে যিখিনি কথা কৈছে শুনি মোৰ বেয়া লাগিছে । মই ভাবো যে আকাশ ফুকনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে ।"

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "তেওঁ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ঘৰলৈ গৈ ক্ষমা খুজিব লাগে আৰু আমাৰ দলৰ যি পৰম্পৰা সেই পৰম্পৰা মতে চলিব লাগে । ইয়াৰ উপৰিও যিজন ঠিকাদাৰৰ বিৰুদ্ধে এতিয়া কিছু কথা ওলাইছে সেইটো বিভাগীয় কৰ্তৃপক্ষই চাব লাগে ৷ সম্পূৰ্ণ নোহোৱা কাম কেনেকৈ সম্পূৰ্ণ হোৱা দেখুৱাইছে সেই বিষয়ে বিভাগে চাব, তাত মোৰ ক’বলগীয়া একো নাই ৷ কিন্তু মোৰ দলৰ মানুহৰ যদি কথা আচাৰ-ব্যৱহাৰ ভাল নাথাকে, দহজনে মোক প্ৰশ্ন কৰিব যে আপোনাৰ দলত কিয় এনেকুৱা মানুহ আছে । মানুহৰ ডেকা বয়সত ভুল হয়, কিন্তু ডাঙৰক সন্মান জনাই ক্ষমা খুজি নিজকে সংশোধন কৰি চলিব লাগে ।"

লগতে পঢ়ক: গোলাঘাটত দুই সহস্ৰাধিক হিতাধিকাৰীক অনুদান বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.