গুৱাহাটী: ৰক্তহীনতা আৰু অপুষ্টি তথা পুষ্টিহীনতাত ভোগা মহিলা আৰু শিশুৰ সংখ্যা অসমত বৃদ্ধি পাইছে । ৰক্তহীনতা আৰু অপুষ্টি তথা পুষ্টিহীনতাত ভোগা মহিলাৰ সংখ্যাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে । শেহতীয়াকৈ লোকসভাৰ শীতকালীন অধিৱেশনত এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰে । শুকুৰবাৰে শিশু আৰু মহিলাৰ ৰক্তহীনতাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী সাবিত্ৰী ঠাকুৰে এই তথ্য প্ৰকাশ কৰে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভাত দিয়া তথ্য মতে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (২০০১৫-১৬)ত অসমত ১৫ বছৰৰ পৰা ৪৯ বয়সৰ ভিতৰৰ মহিলাৰ ৰক্তহীনতাত ভোগা সংখ্যা ৪৬ শতাংশ আছিল । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (২০১৯-২১) অনুসৰি অসমত ১৫ বছৰৰ পৰা ৪৯ বয়সৰ ভিতৰৰ মহিলাৰ ৰক্তহীনতাত ভোগা সংখ্যা হয় ৬৫.৯ শতাংশ ।

তথ্য মতে, ৰক্তহীনতা আৰু অপুষ্টি তথা পুষ্টিহীনতাত ভোগা মহিলাৰ সংখ্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে অসম । প্ৰথম স্থানত আছে লাডাখ (৯২.৮ শতাংশ), দ্বিতীয় স্থানত আছে পশ্চিম বংগ (৭১. ৪ শতাংশ), তৃতীয় স্থানত আছে ত্ৰিপুৰা (৬৭.২ শতাংশ) আৰু চতুৰ্থ স্থানত আছে অসম (৬৫.৯ শতাংশ) ।
ইপিনে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য মতে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (২০০১৫-১৬) মতে অসমত ৰক্তহীনতাত ভোগা শিশু (৬ -৫৯ মাহ) ৰ সংখ্যা আছিল ৩৫.৭ শতাংশ । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (২০১৯-২১) অনুসৰি অসমত এই সংখ্যা বৃদ্ধি হৈ ৬৮.৪ শতাংশ হয় ।

নৱজাতকৰ মৃত্যুৰ হাৰ অসমত বেছি:
মহিলা আৰু শিশুৰ ৰক্তহীনতাই প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ অসমত বেছি হোৱাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা হৈছে । অসমৰ স্বাস্থ্য বিভাগৰ তথ্য মতে, অসমত পাঁচ বছৰৰ তলৰ বয়সৰ হিচাপতকৈ কম ওজন (Underweight ) থকা শিশুৰ হাৰ ২৯.৮ শতাংশ । তথ্য মতে, অসমত নৱজাতকৰ মৃত্যুৰ হাৰ (Infant mortality rate) ৪৮ শতাংশ । ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ ৪০ শতাংশ ।

চৰকাৰী আঁচনি:
উল্লেখ্য যে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবছৰে বিশাল পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে যদিও বাস্তৱত ৰাজ্যখনত ইয়াৰ বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা গৈছে । ৰাজ্যত ৰক্তহীনতা আৰু পুষ্টিহীনতাত ভোগা শিশু মহিলাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে পোষণ ২.০ আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰতিবছৰে বিশাল পৰিমাণৰ পুঁজি যোগান ধৰি আহিছে যদিও অসমত ৰাজ্যত ৰক্তহীনতা আৰু পুষ্টিহীনতাত ভোগা শিশু-মহিলাৰ সংখ্যা হ্ৰাস হোৱা নাই বৰং বৃদ্ধি পাইছে । কেন্দ্ৰীয় মন্ত্ৰী সাবিত্ৰী ঠাকুৰে লোকসভাত দিয়া তথ্য অনুসৰি ২০২৩-২০২৪ চনত পোষণ ২.০ আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমত ২২৩৩.৩১ কোটি টকা মোকলাই দিছে । তথ্য মতে উত্তৰ প্ৰদেশৰ পিছতে অসমত পোষণ ২.০ আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে সৰ্বাধিক ধন মোকলাই দিছে । ২০২৩-২০২৪ চনত পোষণ ২.০ আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশক ২৬৬৮.৬৯ কোটি টকা মোকলাই দিছে ।

এই সন্দৰ্ভত চিকিৎসক ডাঃ হিতেশ্বৰ শৰ্মাই কয়, ‘‘মহিলাৰ বা প্ৰসূতিৰ ৰক্তহীনতাই নৱজাতকৰ মৃত্যুৰ অন্যতম কাৰণ । লগতে প্ৰসূতিৰ মৃত্যুৰো অন্যতম কাৰণ । ইয়াৰ কাৰণে হ'ল পুষ্টিহীনতা আৰু সঠিক স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত থকা । অসমৰ চৰকাৰী বা বেচৰকাৰী হাস্পতালতে হওক । বহুত প্ৰসূতিৰ ৰক্তহীনতা দেখা পোৱা যায় । এয়া কিছু পৰিমাণে বংশানুক্ৰম হয় । যেনে অসমৰ চাহ বাগিচাত আৰু চৰ অঞ্চলত মহিলাৰ ৰক্তহীনতা প্ৰধান সমস্যা । আনহাতে অসমত বিশেষ কিছুমান অঞ্চলত এগৰাকী মহিলাই কম ব্যৱধানত বেছি শিশু জন্ম দিয়াৰ ফলতো মহিলাৰ ৰক্তহীনতা হয় । এই ক্ষেত্ৰত এক দীঘলীয়া পৰিকল্পনাৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পৰা যাব । চৰকাৰী স্বাস্থ্য আঁচনিবোৰ সঠিকভাৱে ৰূপায়ন হ’ব লাগিব । গ্ৰামাঞ্চলত সকলোৰে বাবে উন্নত স্বাস্থ্য সেৱা উপলব্ধ হ'ব লাগিব ।
লগতে পঢ়ক: অসমত গড়ে এক লাখ শিক্ষাৰ্থীৰ বিপৰীতে আছে ১৬ খনকৈ মহাবিদ্যালয়