ETV Bharat / sports

ট্ৰেভিছ হেড-স্মিথৰ শতকৰে ব্ৰীছবেন টেষ্টত শক্তিশালী স্থিতি অষ্ট্ৰেলিয়াৰ - INDIA VS AUSTRALIA 3RD TEST

AUS vs IND 3rd Test Day 2: গাব্বা টেষ্টৰ দ্বিতীয় দিনা অষ্ট্ৰেলিয়াই 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 405 ৰাণ ।

india vs australia 3rd test
অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ট্ৰেভিছ হেড (AP PHOTO)
author img

By ETV Bharat Sports Team

Published : Dec 15, 2024, 7:53 PM IST

স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত গাব্বাত অনুষ্ঠিত হৈ থকা তৃতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিনটোৰ শেষলৈ শক্তিশালী স্থিতিত উপনীত হৈছে কেংগাৰুবাহিনী ৷

বৰষুণৰ বাবে প্ৰথম দিনা মাত্ৰ 13.2 অভাৰৰ খেল অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় দিনা 87 অভাৰৰ খেল অনুষ্ঠিত হয় ৷ দিনটোৰ শেষলৈকে অষ্ট্ৰেলিয়াই 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 405 ৰাণ ।

মেচখনৰ দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ হৈ ট্ৰেভিছ হেডে (152) আৰু ষ্টিভ স্মিথে (101) ৰাণৰ সৈতে চতুৰ্থ উইকেটৰ যুটিত গঢ়ি তোলে 241 ৰাণৰ অংশীদাৰিত্ব ৷ অৰ্থাৎ এই দিনটোত গাব্বাৰ পিটচত সম্পূৰ্ণৰূপে অষ্ট্ৰেলিয়াৰ বেটছমেনসকলৰ আধিপত্য দেখা যায় ৷

ভাৰতীয় বেটছমেনৰ শেহতীয়া ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি এই খেলপথাৰত প্ৰথম ইনিংছত 400 ৰাণ সংগ্ৰহ কৰাটো অতি কঠিন বিবেচিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ শেহতীয়া ছেছনত নতুন বলৰে 4 টা উইকেট দখল কৰি ভাৰতৰ প্ৰত্যাৱৰ্তনৰ বাবে চেষ্টা চলাই দলৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে ৷

কিন্তু বুমৰাহক বাদ দি আন কোনো এগৰাকী বলাৰে মেচখনৰ দ্বিতীয় দিনটোত আধিপত্য বিস্তাৰ কৰাত ব্যৰ্থ হোৱা দেখা যায় ৷ বুমৰাহে 72 ৰাণ ব্যয় কৰি 5 টা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ চিৰাজ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে এটাকৈ উইকেট লাভ কৰে ।

এডিলেইডত অনুষ্ঠিত শেহতীয়া মেচখনত ট্ৰেভিছ হেডে 140 ৰাণ সংগ্ৰহ কৰি দুৰ্দান্ত ফৰ্মত আছিল ৷ সম্প্ৰতি গাব্বাত অনুষ্ঠিত তৃতীয়খন মেচতো হেডে 160 টা বলৰ দ্ৰুত ইনিংছত 18 টা চাৰিৰে সংগ্ৰহ কৰে 152 ৰাণ ৷ চতুৰ্থ উইকেটৰ যুটিত খেলুৱৈগৰাকীয়ে স্মিথৰ সৈতে 303 টা বলত 241 ৰাণৰ অংশীদাৰিত্ব গঢ়ি দলক এক শক্তিশালী স্থিতি প্ৰদান কৰে ৷ হেডৰ সমানে ধৈৰ্যৰে খেলি স্মিথেও 190 বলত 12 টা চাৰিৰে 101 ৰাণ সংগ্ৰহ কৰে ৷

দ্বিতীয় দিনাৰ খেলৰ শেষলৈকে এলেক্স কেৰীয়ে অপৰাজিত 45 ৰাণৰে 7 ৰাণ সংগ্ৰহকাৰী মিচেল ষ্টাৰ্কৰ সৈতে ক্ৰিজত বৰ্তি আছে ৷ 20 ৰাণ সংগ্ৰহ কৰাৰ পিছতে অধিনায়ক পেট কামিন্স আউট হৈছিল যদিও কেৰী আৰু কামিন্সে সপ্তম উইকেটৰ যুটিত 58 ৰাণৰ অংশীদাৰিত্ব গঢ়ি তোলে ।

লগতে পঢ়ক: দ্বিতীয় সৰ্বাধিক পাঁচ উইকেট সংগ্ৰহকাৰীত পৰিণত যশপ্ৰীত বুমৰাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.