ETV Bharat / sports

ক্ৰিকেটত অৱসৰৰ জোৱাৰ; আমিৰ ইমাদৰ পিছত ফাষ্ট বলাৰৰ ক্ৰিকেটক চিৰবিদায় - MOHAMMAD IRFAN ANNOUNCES RETIREMENT

Pak pacer Mohammad Irfan: পাকিস্তানী ক্ৰিকেটাৰ ইমাদ, ৱাছিমৰ পিছত 7 ফুট ওখ এগৰাকী ফাষ্ট বলাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ঘোষণা কৰে অৱসৰ ।

Mohammad Irfan announces retirement
ক্ৰিকেটত অৱসৰৰ জোৱাৰ (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Dec 15, 2024, 5:26 PM IST

স্প’ৰ্টছ ডেস্ক: সম্প্ৰতি দক্ষিণ আফ্ৰিকাত চলি থকা এদিনীয়া শৃংখলাত ব্যস্ত আছে পাকিস্তান ৷ তাৰমাজতে এজনৰ পিছত আনজনকৈ তিনিজন পাকিস্তানী খেলুৱৈয়ে ক্ৰিকেটক চিৰবিদায় জনোৱাৰ সিদ্ধান্ত কৰিছে ৰাজহুৱা ৷

ইমাদ ৱাছিমৰ পিছত মহম্মদ আমিৰ আৰু শেহতীয়াকৈ ফাষ্ট বলাৰ মহম্মদ ইৰফানে ক্ৰিকেটক বিদায় জনোৱাৰ কথা ৰাজহুৱা কৰে ৷ বিগত 36 ঘণ্টাৰ ভিতৰতে তৃতীয়জন পাকিস্তানী খেলুৱৈয়ে অৱসৰৰ কথা ঘোষণা কৰিছে ।

ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ মহম্মদ ইৰফানৰ

পাকিস্তানৰ বাওঁহতীয়া ফাষ্ট বলাৰগৰাকীয়ে সামাজিক মাধ্যমত অৱসৰ ঘোষণা কৰি এনেদৰে কয়, "মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো । মই মোৰ সতীৰ্থ, প্ৰশিক্ষক আৰু সকলোৰে সমৰ্থনৰ বাবে কৃতজ্ঞ ৷ সকলোৰে মৰম, উৎসাহ আৰু পাহৰিব নোৱাৰা স্মৃতিৰ বাবে ধন্যবাদ । মই খেলখনক সমৰ্থন আৰু উদযাপন কৰি যাম, যিয়ে মোক সকলো দিছে" ৷

মহম্মদ ইৰফানৰ ক্ৰিকেট কেৰিয়াৰ

মহম্মদ ইৰফানে 4 খন টেষ্ট, 60 খন এদিনীয়া আৰু 22 খন টি-20 মেচত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল । খেলুৱৈগৰাকীয়ে টেষ্টত 10 টা উইকেট, এদিনীয়াত 83 টা আৰু টি-20 ক্ৰিকেটত 16 টা উইকেট লাভ কৰি মুঠ 109 টা উইকেট দখল কৰাৰ কৃতিত্ব গঢ়ি তোলে ।

ইমাদ আৰু আমিৰেও ঘোষণা কৰিছিল অৱসৰ

ইৰফানৰ পূৰ্বে ইমাদ ৱাছিম আৰু মহম্মদ আমিৰেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল । আমিৰে 36 খন টেষ্ট, 61 খন এদিনীয়া আৰু 62 খন টি-20 মেচ খেলিছিল । আমিৰে সকলো প্ৰকাৰৰ ফৰ্মেটৰ 159 খন খেলত 271 টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰিছিল ।

আনহাতে, ইমাদ ৱাছিমে 55 খন এদিনীয়া আৰু 75 খন টি-20 ত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল । তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ 130 খন মেচত 117 টা উইকেট দখল কৰাৰ লগতে 1,540 ৰাণ সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফীৰ পিছতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব এইগৰাকী অলৰাউণ্ডাৰ খেলুৱৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.