অসম

assam

ETV Bharat / sports

শ্বেৰ ই বাংলাৰ পৰাই "মৌনতা"ৰ বাবে ক্ষমা বিচাৰি ছাকিবৰ নিশ্চিত বিদায়

Shakib on bangladesh protest: জুলাই মাহত বাংলাদেশত হোৱা প্ৰতিবাদৰ সময়ত নীৰৱে থকা প্ৰাক্তন অধিনায়ক ছাকিব আল হাছানে বিচাৰিছে ক্ষমা ৷

By ETV Bharat Sports Team

Published : 4 hours ago

SHAKIB AL HASAN
ছাকিব আল হাছান (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 10 অক্টোবৰ:চলিত বছৰৰে জুলাই মাহত বাংলাদেশৰ বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে সাব্যস্ত হৈছিল জোৰদাৰ প্ৰতিবাদ ৷ সেই সময়ত অগ্নিগৰ্ভা হৈ পৰিছিল বাংলাদেশ ৷ য’ত মৃত্যু ঘটিছিল শতাধিক লোকৰ ৷

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ সন্দৰ্ভত কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাছিল দেশখনৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা অলৰাউণ্ডাৰ বেটছমেন ছাকিব আল হাছানে ৷ এই ঘটনাৰ প্ৰায় চাৰি মাহ অতিক্ৰম কৰাৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে এই সন্দৰ্ভত খুলিছে মুখ ৷

চলিত অক্টোবৰ মাহতে টেষ্ট ক্ৰিকেটৰ পৰা বিদায় ল’ব এইগৰাকী বাংলাদেশী ক্ৰিকেটাৰে ৷ তাৰ প্ৰাকক্ষণত ছাকিবে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অশান্তজৰ্জৰ পৰিস্থিতিৰ সময়ত নীৰৱে থকাৰ বাবে ক্ষমা বিচাৰে ৷

21 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈ ঘৰুৱা টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্টখনে হ’ব ক্ৰিকেটাৰগৰাকীৰ কেৰিয়াৰৰ অন্তিমখন মেচ ৷

উল্লেখযোগ্য যে, দীৰ্ঘদিনীয়া আৱামী লীগ নেতৃত্বাধীন চৰকাৰখনৰ পতন কঢ়িয়াই অনা ছাত্ৰ নেতৃত্বাধীন প্ৰতিবাদৰ বিষয়ে ছাকিবে প্ৰথমবাৰৰ বাবে স্পষ্টভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ ক্ৰিকেটাৰগৰাকী আছিল শ্বেখ হাছিনা চৰকাৰৰ এগৰাকী সংসদ ।

শেহতীয়াকৈ মীৰপুৰত প্ৰটিয়াছৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ পিছত খেলখনৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে অলৰাউণ্ডাৰগৰাকীয়ে ।

আনহাতে, হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হিচাপে নাম উল্লেখ কৰা ছাকিবে কয় যে, প্ৰথমতে প্ৰাণ আহুতি দিয়া, বৈষম্য বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া, জনবিদ্ৰোহৰ সময়ত শ্বহীদ বা আহত হোৱা সকলো ছাত্ৰ-ছাত্ৰীক শ্ৰদ্ধাঞ্জলি জনাইছো" ৷

সমান্তৰালকৈ নিজৰ অফিচিয়েল ফেচবুক পেজত ক্ৰিকেটাৰগৰাকীয়ে লিখিছে যে "যদিও কোনো ত্যাগেই আপোনজনক হেৰুওৱাৰ ক্ষতিপূৰণ দিব নোৱাৰে, সন্তান বা ভাতৃ হেৰুৱাৰ শূন্যতা একোৱেই পূৰণ কৰিব নোৱাৰে, আপোনালোকৰ মাজৰ যিসকলে এই জটিল সময়ছোৱাত মোৰ মৌনতাত আঘাত পাইছিল, মই আপোনালোকৰ অনুভৱক সন্মান জনাইছো আৰু আন্তৰিকতাৰে ক্ষমা বিচাৰিছো ৷ মই যদি আপোনাৰ ঠাইত থাকিলোহেঁতেন, তেন্তে হয়তো ময়ো বিচলিত হ’লোহেঁতেন" ৷

বাংলাদেশত হোৱা প্ৰতিবাদৰ সময়ত এগৰাকী ছাত্ৰক হত্যা কৰা বুলি 37 বছৰীয়া ছাকিবৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল ৷ ক্ৰিকেটাৰগৰাকীয়ে সেই সময়ত কানাডাত টি 20 লীগ খেলি আছিল ৷ পৰৱৰ্তী সময়ত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ নতুন সভাপতি ফাৰুক আহমেদে ক্ৰিকেটাৰগৰাকীক নিৰাপত্তাৰ অনুমোদন দিবলৈ কৰা অনুৰোধ নাকচ কৰি কয় যে, "বি চি বি কোনো নিৰাপত্তা সংস্থা নহয় আৰু ক্ৰিকেটাৰগৰাকীৰ বাবে কোনোধৰণৰ নিৰাপত্তাৰ নিশ্চয়তা দিব নোৱাৰে" ৷

"আপোনালোকে জনা মতে বাংলাদেশত নিৰ্দিষ্ট ভূমিকা অবিহনে নিজৰ অঞ্চলটোৰ উন্নয়নত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱাটো কঠিন । এই অঞ্চলটোৰ উন্নয়নৰ মোৰ ইচ্ছাই মোক সাংসদ হ'বলৈ প্ৰেৰণা দিলে । অৱশ্যে দিনৰ শেষত মোৰ প্ৰাথমিক পৰিচয় বাংলাদেশৰ বাবে ক্ৰিকেটাৰ হিচাপে আছে" বুলি ছাকিবে কয় ।

ছাকিবৰ ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনাই মীৰপুৰৰ তেওঁৰ প্ৰিয় ‘শ্বেৰ-ই-বাংলা’ ষ্টেডিয়ামত বাংলাদেশৰ ৰঙা বলৰ ক্ৰিকেটৰ পৰা বিদায় লোৱাটোকে নিশ্চিত কৰে ৷ "আপোনালোকে সকলোৱে জানে যে, মই অতি সোনকালে মোৰ শেষৰখন মেচ খেলিম । মই আপোনালোক সকলোকে বিদায় দিব বিচাৰো । বিদায়ৰ মুহূৰ্তত মই যিসকলে হাতচাপৰি বজাই মোক ভাল খেলিবলৈ বাধ্য কৰাইছিল, তেওঁলোকৰ সৈতে হাত মিলাব বিচাৰিছো" বুলিও আবেগভৰা কণ্ঠৰে ক্ৰিকেটাৰগৰাকীয়ে কয় ৷

লগতে পঢ়ক:নিৰ্বাচনত বৃহৎ জয়, তাৰ পূৰ্বে বিতৰ্কত ছাকিব আল হাছান

ABOUT THE AUTHOR

...view details