অসম

assam

ETV Bharat / sports

ধোনী, কোহলী, ৰোহিত আৰু দ্ৰাবিড়ে মোৰ পুত্ৰৰ 10 বছৰ সময় নষ্ট কৰিছে: সঞ্জু চেমছনৰ পিতৃ

Sanju Samson father allegations: এম এছ ধোনী, বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷

SANJU SAMSON FATHER VIRAL VIDEO
সঞ্জু চেমছন (AP Photo)

By ETV Bharat Sports Team

Published : Nov 14, 2024, 4:38 PM IST

স্প’ৰ্টছ ডেস্ক:চাৰিখন টি 20 মেচৰ শৃংখলাৰে বৰ্তমান দক্ষিণ আফ্ৰিকা ভ্ৰমণত ব্যস্ত আছে টীম ইণ্ডিয়া ৷ ইতিমধ্যে ভাৰতে এই শৃংখলাত লাভ কৰিছে 2-1 ৰ অগ্ৰগতি ৷

এই ভ্ৰমণৰ প্ৰথমখন খেলতে সঞ্জু চেমছনে এক বিস্ফোৰক শতক অৰ্জন কৰি দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনাম । বিগত 8 নৱেম্বৰত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টি-20 ত সোঁহতীয়া উইকেটকীপাৰ বেটছমেন চেমছনে 50 টা বলত 107 ৰাণ সংগ্ৰহ কৰে ৷

অৱশ্যে শৃংখলাৰ আন দুখন মেচত ক্ৰিকেটাৰগৰাকীয়ে শূন্যত আউট হৈ পেভিলিয়নলৈ উভতি আহে ।

সঞ্জু চেমছনৰ পিতৃৰ গুৰুতৰ অভিযোগ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অব্যাহত থকা এই শৃংখলাৰ মাজতে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সঞ্জু চেমছনৰ পিতৃ চেমছন বিশ্বনাথে ৷ টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনী, বিৰাট কোহলী, ৰোহিত শৰ্মা তথা প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বিৰুদ্ধে অনা হৈছে এই অভিযোগ ৷ যাৰ ভিডিঅ' বৰ্তমান সময়ত সামাজিক মাধ্যমত বতাহৰ দৰে ভাইৰেল হৈ পৰিছে ।

চেমছনৰ পিতৃয়ে অভিযোগ কৰা অনুসৰি, তেওঁৰ পুত্ৰৰ কেৰিয়াৰৰ 10 বছৰ সময় নষ্ট কৰিছে ধোনী, কোহলী, ৰোহিত আৰু দ্ৰাবিড়ে ৷

মালায়ালম নিউজ চেনেল মিডিয়া ৱানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সঞ্জুৰ পিতৃ বিশ্বনাথে অভিযোগ কৰে যে, তিনিগৰাকী ভাৰতীয় অধিনায়ক ক্ৰমে এম এছ ধোনী, ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ লগতে প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বই ভাৰতীয় ক্ৰিকেটত সঞ্জুৰ 10 বছৰকাল সময় অপচয় কৰিছে ।

গম্ভীৰ-সূৰ্যক জনালে ধন্যবাদ

নিজ পুত্ৰই সুযোগ লাভ নকৰাৰ সন্দৰ্ভত চেমছন বিশ্বনাথে গভীৰ হতাশা ব্যক্ত কৰে ৷ তেওঁ কয় যে, তেওঁৰ পুত্ৰই সুযোগ নোপোৱাৰ বাবে পুত্ৰৰ প্ৰতিভাক অস্বীকাৰ কৰিব নোৱাৰে । তেওঁ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ আৰু সূৰ্যকুমাৰ যাদৱক গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জনায় । বিশ্বনাথে সঞ্জুৰ দুয়োটা শতক গম্ভীৰ আৰু যাদৱক উৎসৰ্গিত কৰে আৰু তেওঁলোকৰ উৎসাহৰ বাবে ধন্যবাদ জনায় ।

কৃষ্ণমাচাৰী শ্ৰীকান্তকো কৰিছিল ককৰ্থনা

সঞ্জু চেমছনৰ পিতৃ বিশ্বনাথ ইমানতে ক্ষান্ত নাছিল ৷ তেওঁ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ কৃষ্ণমাচাৰী শ্ৰীকান্তৰ বিৰুদ্ধেও পুত্ৰক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ তেওঁ কৈছিল যে, শ্ৰীকান্তৰ কাৰ্যকলাপ ব্যক্তিগত বিদ্বেষৰ দ্বাৰা অনুপ্ৰাণিত আছিল । শ্ৰীকান্তে বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পিছতো চেমছনক ইতিকিং কৰিছিল ।

লগতে পঢ়ক:শচীন পুত্ৰৰ সফলতা; প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অৰ্জুন তেণ্ডুলকাৰৰ পাঁচ উইকেট দখল

ABOUT THE AUTHOR

...view details