স্পৰ্টছ ডেস্ক,২৪ মাৰ্চ :আইপিএল ২০২৪ ৰ চতুৰ্থখন খেলত বিজয় সাব্যস্ত ৰাজস্থান ৰয়েলছৰ । তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আছিল ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ মাজৰ খেলখন । ৰাজস্থান ৰয়েলছে ঘৰুৱা খেলপথাৰত জয়ী হ'বলৈ পূৰ্বৰে পৰা যথেষ্ট আগ্ৰহী আছিল । এতিয়ালৈকে লক্ষ্ণৌ আৰু ৰাজস্থানৰ মাজত ৪ খন আইপিএল মেচ অনুষ্ঠিত হৈছে, য'ত ৰাজস্থান ৰয়েলছে তিনিখন মেচত জয়ী হৈছে । এইবাৰ ৰাজস্থান দলত থকা বহুকেইগৰাকী খেলুৱৈ ফৰ্মত আছে ।
খেলখনত প্ৰথমে বেটিং কৰি ৰাজস্থানে ১৯৩ ৰাণ সংগ্ৰহ কৰিছিল । লক্ষ্ণৌৰ সন্মুখত লক্ষ্য আছিল ১৯৪ ৰাণৰ । ৰাজস্থানৰ হৈ অধিনায়ক সঞ্জু ছেমছনে সৰ্বাধিক ৮২ ৰাণ সংগ্ৰহ কৰে । একেদৰে ৰিয়ান পৰাগেও ৪৩ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে । লক্ষ্ণৌৰ হৈ নবীন উল হকে ২টা উইকেট আৰু মহছিন আৰু বিষ্ণোইয়ে ১ টাকৈ উইকেট লাভ কৰে ।