অসম

assam

ETV Bharat / sports

জয় শ্বাহৰ পিছত আন এগৰাকী ৰাজনীতিকৰ পুত্ৰই চম্ভালিব বি চি চি আই-ৰ সচিবৰ পদ - BCCI SECRETARY

BCCI: 1 ডিচেম্বৰত আই চি চি-ৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰিব জয় শ্বাহে । সেয়ে প্ৰকাশ পাইছে বি চি চি আইৰ নতুন সচিবৰ নাম ৷

ICC chairperson
জয় শ্বাহ আৰু ৰজাৰ বিন্নী (Ani Photo)

By ETV Bharat Sports Team

Published : Nov 12, 2024, 10:36 AM IST

স্প’ৰ্টছ ডেস্ক:ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে শীঘ্ৰেই লাভ কৰিব এগৰাকী নতুন সচিব ৷ কিয়নো বৰ্তমানৰ সচিব জয় শ্বাহে 1 ডিচেম্বৰৰ পৰা ত্যাগ কৰিব বি চি চি আইৰ সচিবৰ দায়িত্ব ৷ শ্বাহৰ নতুন পৰিচয় হ’ব আই চি চি-ৰ অধ্যক্ষ হিচাপে ৷

সেয়ে জয় শ্বাহৰ পিছত বি চি চি আই-ৰ সচিব পদ কোনে চম্ভালিব, তাক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা ৷ অৱশ্যে এনে পৰিস্থিতিৰ মাজতে প্ৰকাশ কৰা হৈছে পৰৱৰ্তী বি চি চি আই-ৰ সচিবগৰাকীৰ নাম ৷ এগৰাকী ৰাজনীতিকৰ পুত্ৰ সাজু হৈছে এই পদ চম্ভালিবলৈ ৷

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, জয় শ্বাহে আই চি চি-ৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত ৰোহন জেটলী হ’ব পাৰে বি চি চি আইৰ নতুন সচিব ৷ এই দায়িত্বৰ দাবীদাৰ হিচাপে বাৰুকৈয়ে চৰ্চাত আছে ৰোহনৰ নাম ৷

সৌৰভ গাংগুলীৰ সৈতে ৰোহন জেটলী (ANI Photo)

যদি ৰোহন জেটলী বি চি চি আইৰ সচিব পদত অধিষ্ঠিত হয়, তেন্তে তেওঁ বি চি চি আইৰ বৰ্তমানৰ সভাপতি ৰজাৰ বিন্নীৰ সৈতে দায়িত্ব পালন কৰিব লাগিব ৷ সচিবগৰাকীৰ কাম হ'ব ভাৰতীয় ক্ৰিকেটৰ বিকাশ আৰু সম্প্ৰসাৰণ ।

চৰ্চিত চাৰি নামৰ ভিতৰত দাবীদাৰ ৰোহন জেটলী

সূত্ৰ অনুসৰি, বি চি চি আইৰ সচিব পদৰ দৌৰত আছিল 4 গৰাকী ব্যক্তিৰ নাম । তালিকাখনত বি চি চি আইৰ কোষাধ্যক্ষ আশীষ শ্বেলাৰ, দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ (ডি ডি চি এ) সভাপতি ৰোহন জেটলী, যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া আৰু গুজৰাট ক্ৰিকেট এছ'চিয়েছনৰ সম্পাদক অনিল পেটেলৰ নাম অন্তৰ্ভুক্ত আছিল ।

কিন্তু ইয়াৰ ভিতৰত দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ সভাপতি ৰোহন জেটলী বিজয়ী হোৱা দেখা যায় ৷ জয় শ্বাহৰ উত্তৰাধিকাৰী হিচাপে বি চি চি আইক আগুৱাই নিব ৰোহনে ৷

ৰোহন জেটলী কোন ?

ৰোহন জেটলী পেছাত এগৰাকী অধিবক্তা । তেওঁ বৰ্তমান দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ সভাপতি । ৰোহন প্ৰয়াত ৰাজনীতিবিদ অৰুণ জেটলীৰ পুত্ৰ । ৰোহনে দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ সভাপতি হিচাপে বহু ভাল কাম কৰিছে, যাৰ বাবে বি চি চি আইৰ সচিব হোৱাত সহায়ক হয় ৷

জয় শ্বাহ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল । তেওঁ বিগত 27 আগষ্টত এই পদত নিৰ্বাচিত হৈছিল যদিও 1 ডিচেম্বৰৰ পৰাহে দায়িত্ব গ্ৰহণ কৰিব ৷

সেয়ে স্পষ্ট আছিল যে আন কোনোবাই এতিয়াৰে পৰা বি চি চি আইৰ সচিবৰ পদ চম্ভালিব । জয় শ্বাহ আই চি চি-ৰ অধ্যক্ষ পদত নিৰ্বাচিত হোৱা পঞ্চমগৰাকী ভাৰতীয় । শ্বাহে নিজৰ কাৰ্যকালত ক্ৰিকেটক কিমান ওপৰলৈ নিব পাৰে, সেয়া চাবলৈ আকৰ্ষণীয় হ'ব ।

লগতে পঢ়ক:জয় শ্বাহ আই চি চিৰ অধ্যক্ষ হোৱাৰ পিছতে এইখন দেশত নিষিদ্ধ ক্ৰিকেট - BAN ON CRICKET

ABOUT THE AUTHOR

...view details