অসম

assam

By ETV Bharat Sports Team

Published : Sep 15, 2024, 4:05 PM IST

ETV Bharat / sports

বিৰাট কোহলী সন্দৰ্ভত তেজস্বী যাদৱৰ চাঞ্চল্য়কৰ মন্তব্য: নেটিজেনে দিলে প্ৰত্যুত্তৰ - TEJASHWI YADAV ON VIRAT KOHLI

Tejashwi Yadav viral statement: টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলী সন্দৰ্ভত বিস্ফোৰক মন্তব্য আৰ জে ডি নেতা তেজস্বী যাদৱৰ । যাদৱৰ অধিনায়কত্বত কোহলীয়ে ক্ৰিকেট খেলা বুলি প্ৰকাশ এই মন্তব্য ৷ এই মন্তব্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

TEJASHWI YADAV ON VIRAT KOHLI
বিৰাট কোহলী আৰু তেজস্বী যাদৱ (AFP and ANI Photo)

স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: হাস্যকৰ তথা আমোদজনক মন্তব্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে শেহতীয়াকৈ প্ৰকাশ কৰিছে তেওঁৰ ক্ৰিকেটযাত্ৰাৰ বিষয়ে ৷ যি বিষয়ে দৃষ্টি কাঢ়িছে সাধাৰণ লোকৰ ৷

সেই অনুসৰি, টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ঘৰুৱা ক্ৰিকেটত তেওঁৰ অধিনায়কত্বত খেলা বুলি দাবী কৰিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা আৰ জে ডি নেতা তেজস্বী যাদৱে । তেওঁ লগতে দাবী কৰিছে যে, ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ বহুকেইগৰাকী খেলুৱৈ তেওঁৰ এসময়ৰ সতীৰ্থ আছিল ।

বিৰাট কোহলীয়ে মোৰ অধিনায়কত্বত খেলিছে: তেজস্বী যাদৱ

যাদৱে এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয় যে, "মই এজন ক্ৰিকেটাৰ আছিলো আৰু কোনেও এই বিষয়ে কথা নকয় । বিৰাট কোহলীয়ে মোৰ অধিনায়কত্বত খেলিছিল ৷ কোনোবাই কেতিয়াবা এই বিষয়ে কথা পাতিছিল নেকি ? কিয় এনে নকৰে ? এজন পেছাদাৰী খেলুৱৈ হিচাপে মই ভাল ক্ৰিকেট খেলিছো । টীম ইণ্ডিয়াৰ বহু খেলুৱৈ মোৰ সতীৰ্থ" ।

কিহৰ বাবে ৰাজনীতিবিদগৰাকীয়ে ক্ৰিকেট এৰিবলগীয়া হ’ল, সেই কথাও সাক্ষাৎকাৰটোত বুজাই দিয়ে ৷ যাদৱে কয়, "মোৰ দুয়োডাল লিগামেণ্ট ভাঙি যোৱাৰ বাবে ক্ৰিকেট এৰিবলগীয়া হৈছিল" ।

নেটিজেনে দিলে হাস্যকৰ উত্তৰ

তেজস্বী যাদৱৰ এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতএজন ব্যৱহাৰকাৰীয়ে লিখিছে এনেদৰে, "বাৰু তেওঁৰ ভুল নাই । তেওঁ নিজৰ সপোনৰ ক্ৰিকেট একাদশৰ কথা কৈছে" ৷

আনহাতে, আন এজনে লিখিছে, "সেয়া আছিল ডি চি(দিল্লী কেপিটেলছ) ৰ তেজ" ।

তেজস্বী যাদৱৰ ক্ৰিকেট কেৰিয়াৰ

তেজস্বী যাদৱে নিজৰ কেৰিয়াৰত মুঠ এখন প্ৰথম শ্ৰেণীৰ, দুখন লিষ্ট এ আৰু 4 খন টি-20 মেচ খেলিছে । ঘৰুৱা ক্ৰিকেটত ঝাৰখণ্ডক প্ৰতিনিধিত্ব কৰিছিল বৰ্তমানৰ ৰাজনীতিবিদগৰাকীয়ে । অতি কমসংখ্যক লোকেহে জানে যে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল) ৰ 2008 ৰ ছিজনত তেজস্বীক দিল্লী ডেয়াৰডেভিলছ(বৰ্তমান দিল্লী কেপিটেলছ) দলে চুক্তিবদ্ধ কৰিছিল ।

2008 চনৰ পৰা 2012 চনলৈকে তেওঁ ফ্ৰেঞ্চাইজিৰ বাবে বেঞ্চত আছিল যদিও এখনো মেচ খেলা নাছিল । 2009 চনৰ নৱেম্বৰ মাহত বিদৰ্ভৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটাই তেজস্বী যাদৱে ।

লগতে পঢ়ক:টেষ্ট ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ অংশীদাৰিত্ব: এছিয়ান খেলুৱৈৰ আধিপত্য বিস্তাৰ - LONGEST PARTNERSHIP IN TEST

ABOUT THE AUTHOR

...view details