স্প’ৰ্টছ ডেস্ক: সদ্যসমাপ্ত আই পি এল 2025 ৰ মেগা নিলামত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ ওপৰত ফ্ৰেঞ্চাইজিয়ে কৰিছিল ধনৰ বৰষুণ ৷ চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত এই নিলামত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ভাৰতীয় ক্ৰিকেটাৰ পন্তক সৰ্বাধিক 27 কোটি টকা মূল্যত ক্ৰয় কৰে ।
ইয়াৰ লগে লগে পন্ত আই পি এল ইতিহাসৰ সৰ্বাধিক দামী খেলুৱৈত পৰিণত হয় ৷ অৱশ্যে ফ্ৰেঞ্চাইজিয়ে দিলে বুলিয়েই আটাইখিনি ধন লাভ নকৰে খেলুৱৈগৰাকীয়ে ৷ তেনেহ’লে খেলুৱৈগৰাকীয়ে কিমান পৰিমাণৰ ধন লাভ কৰিব ? কিহৰ বাবে তেওঁক আটাইখিনি ধন প্ৰদান কৰা নহয় ?
কিমান ধন লাভ কৰিব পন্তে ?
ভাৰত চৰকাৰৰ আয়কৰ আইনৰ নিৰ্ধাৰিত নিয়ম অনুসৰি, ঋষভ পন্তে তেওঁৰ চুক্তিৰ পৰিমাণৰ পৰা কৰ হিচাপে পৰিশোধ কৰিব লাগিব 8 কোটি 1 লাখ টকা ৷ যাৰ বাবে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে চুক্তি কৰা অনুসৰি আটাইখিনি ধন খেলুৱৈগৰাকীয়ে লাভ নকৰে ৷ পন্তে মুঠ 27 কোটি টকাৰ পৰা 8.01 কোটি টকাৰ কৰ পৰিশোধ কৰাৰ পিছত অৱশিষ্ট 18.09 কোটি টকাহে উপাৰ্জনৰ ধন হিচাপে লাভ কৰিব ৷