স্প’ৰ্টছ ডেস্ক, 29 আগষ্ট: ভাৰতীয় ক্ৰীড়াৰ পৰম্পৰাসমূহ উদযাপন কৰিবলৈ আৰু ক্ৰীড়াক্ষেত্ৰত জড়িত আদৰ্শ ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 29 আগষ্টৰ দিনটোত পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস । লক্ষণীয়ভাৱে, এয়া হকীৰ যাদুকৰ খ্যাত কিংবদন্তী মেজৰ ধ্যানচান্দৰ প্ৰতিও এক শ্ৰদ্ধাঞ্জলি । এই দিনটোতে ভাৰতীয় হকীৰ কিংবদন্তীগৰাকীয়ে জন্মলাভ কৰিছিল ৷ আজি তেখেতৰ 113 তম জন্ম জয়ন্তী ।
মেজৰ ধ্যানচান্দৰ জন্মদিন উদযাপন
ধ্যানচান্দৰ জন্ম 1905 চনৰ 29 আগষ্টত আহমেদাবাদৰ এটা ৰাজপুত পৰিয়ালত হৈছিল । পিতৃ সমেশ্বৰ সিঙৰ দৰেই তেওঁ ভাৰতীয় সেনাত যোগদান কৰিছিল আৰু তাতেই খেলৰ প্ৰতি অনুৰাগী হৈ পৰিছিল । ভাৰতীয় হকীৰ মহান ব্যক্তিজনৰ মূল নাম আছিল ধ্যান সিং, কিন্তু তেওঁ নিশাৰ ভাগত চন্দ্ৰৰ পোহৰত শাৰিৰীক অনুশীলন কৰাৰ বাবে সতীৰ্থসকলে তেওঁক নাম দিছিল ধ্যানচান্দ ।
প্ৰায় 22 বছৰতকৈও দীৰ্ঘ সময় কেৰিয়াৰত দিয়া ধ্যানচান্দে 400 টা গ’ল কৰিছিল ৷ লগতে তিনিটা অলিম্পিক পদকৰ বাবে দলটোৰ অধিনায়ক হিচাপেও নিৰ্বাচিত হৈছিল । দিল্লীৰ ৰাষ্ট্ৰীয় হকী ষ্টেডিয়ামক 2002 চনত মেজৰ ধ্যানচান্দ হকী ষ্টেডিয়াম হিচাপে নামাকৰণ কৰা হৈছিল ।
ভাৰতীয় হকীলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল । খেলুৱৈগৰাকীয়ে ঘাঁহৰ ওপৰত খেলা এই খেলত কেৱল বীৰত্ব প্ৰদৰ্শন কৰাই নহয়, পিছৰ বছৰবোৰত প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ পাটিয়ালাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানৰ মুখ্য প্ৰশিক্ষক আছিল ।
ভাৰতীয় হকী কিংবদন্তীগৰাকীৰ নামত প্ৰতিবছৰে মেজৰ ধ্যান খেলৰত্ন বঁটা প্ৰদান কৰা হয় ।
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ বিষয়বস্তু