স্পৰ্টছ ডেস্ক, 12 মে’ : বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল 2024ৰ 62 সংখ্যক মেচত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মুখামুখি হৈছে দিল্লী কেপিটেলছ ৷ প্লে’ অফত প্ৰৱেশৰ আশা দুয়োটা দলৰ বাবে অক্ষত আছে ৷ এনে পৰিস্থিতিত আজি দুয়োটা দলৰ মাজত তীব্ৰ যুঁজ হ’ব ৷ কিন্তু দিল্লী কেপিটেলছৰ বাবে দুখৰ খবৰটো হ’ল, শ্ল’ অভাৰ ৰেটৰ বাবে এখন মেচৰ নিষেধাজ্ঞাৰ বাবে আজিৰ মেচখনত খেলাৰ পৰা বঞ্চিত হ’ল অধিনায়ক ঋষভ পন্ত ৷ আনহাতে দিল্লী কেপিটেলছৰ দলটোৱে 12 খন মেচৰ 6 খন খেলত জয়লাভ কৰি 12 পইণ্টেৰে 5ম স্থানত থকাৰ বিপৰীতে একে সংখ্যক মেচত 5খনত জয়লাভ কৰি 10 পইণ্ট লাভ কৰি তালিকাৰ 7ম স্থানত আছে আৰ চি বি ৷
দুয়োটা দলৰ অভিলেখৰ কথা ক’বলৈ গ’লে আই পি এলৰ ইতিহাসত দুয়োটা দলৰ মাজত মুঠ 30খন খেল অনুষ্ঠিত হৈছে ৷ এই সময়ছোৱাত আৰ চি বিয়ে 18 খন মেচত জয়লাভ কৰিছে আৰু দিল্লীয়ে 11 খন মেচত জয়লাভ কৰিছে ৷ প্লে’ অফত প্ৰৱেশৰ আশা জীয়াই ৰাখিবলৈ দুয়োটা দলে আজিৰ খেলখনত জয়ী হ’বলৈ নিজৰ সৰ্বোচ্চ উজাৰি দিব ৷