স্প’ৰ্টছ ডেস্ক, 16 মে’:চলিত চিজনৰ আই পি এলৰ পৰৱৰ্তী মেচখন অনুষ্ঠিত হ’ব 18 মে’ত ৷ শনিবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত মুখামুখিকৈ প্ৰতিদ্বন্দ্বিতাত নামিব চি এছ কে আৰু আৰ চি বি ৷ এই খেলখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ সমান্তৰালকৈ সকলো ক্ৰিকেটপ্ৰেমীৰে দৃষ্টি আৱদ্ধ হৈ আছে এই খেলখনত ৷
পিছে আছে এক দুখবৰ ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূৰ্বানুমান কৰা অনুসৰি, এই মেচখনত বৰষুণে বিধি পথালি দিয়াৰ আশংকা আছে ৷ শুকুৰবাৰৰ পৰা মঙলবাৰলৈ প্ৰায় 5 দিন বেংগালুৰুৰ বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনা আছে ৷ চহৰখনত বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা স্পষ্ট কৰিছে বতৰ বিজ্ঞান বিভাগে ৷ এনে হ’লে ৱাছ আউটৰ ক্ষেত্ৰত দুয়োটা দলক পইণ্ট ভগাই দিয়া হ'ব ।
ইয়াৰ লগে লগে 18 মে’ৰ সন্ধিয়া বৰষুণ হোৱাৰ সম্ভাৱনা 90 শতাংশ বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগটোৱে । এইকেইদিনত বেংগালুৰুৰ আকাশ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনাই অধিক ৷ আচলতে ১৯ মে’ৰ দিনটোত দক্ষিণ-পশ্চিম মৌচুমী বায়ু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লগতে বংগোপ সাগৰৰ কিছু অঞ্চলৰ ফালে গতি কৰাৰ আশা ব্যক্ত কৰে বতৰ বিজ্ঞান বিভাগে ৷