অসম

assam

ETV Bharat / sports

ৰতন টাটাৰ দেহাৱসান; ক্ৰিকেটাৰসকলৰ কেৰিয়াৰত বিশিষ্ট উদ্যোগপতিগৰাকীৰ অৱদান

Ratan tata: দেশৰ ক্ৰীড়াখণ্ডত আছিল সদ্য প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ বৃহৎ অৱদান ৷

By ETV Bharat Sports Team

Published : 5 hours ago

RATAN TATA PASSES AWAY
ৰতন টাটা আৰু নাই (ANI, Getty Images)

স্প’ৰ্টছ ডেস্ক, 10 অক্টোবৰ:অন্যান্য ক্ষেত্ৰসমূহৰ দৰে ক্ৰীড়াক্ষেত্ৰৰ প্ৰতিও আছিল বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ আকৰ্ষণ ৷ বিশেষকৈ ক্ৰিকেটৰ প্ৰতি তেওঁৰ এই আকৰ্ষণ অধিক পৰিমাণে থকা পৰিলক্ষিত হৈছিল ৷ ৰতন টাটা মালিকানাধীন টাটা গ্ৰুপে ক্ৰীড়াখণ্ডত আগবঢ়াইছে অনবদ্য অৱদান ৷

টাটা গ্ৰুপে বিগত কেইবাবছৰো ধৰি ভাৰতীয় ক্ৰিকেটত অধিকাংশ খেলুৱৈকে সহায় কৰি আহিছে । টাটা গ্ৰুপৰ অধীনষ্ঠ বহু কোম্পানীয়ে দেশৰ ক্ৰিকেটাৰসকলক চাকৰিৰ সুবিধা প্ৰদান কৰি আহিছে । সমান্তৰালকৈ গ্ৰুপটোৰ কোম্পানীসমূহে ক্ৰিকেটাৰসকলৰ পেছাদাৰী কেৰিয়াৰৰ প্ৰতি সমৰ্থন আৰু সহায় আগবঢ়াইছে ।

পৰৱৰ্তী সময়ত অধিকাংশ ক্ৰিকেটাৰৰ স্প’নছৰৰ দায়িত্বও টাটা গ্ৰুপক লোৱা দেখা যায় ৷ টাটা গ্ৰুপৰ সহযোগত বহুকেইগৰাকী ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্জন কৰিছে সফলতা । পিছে তেওঁলোকনো কোন ?

প্ৰাক্তন ক্ৰিকেটাৰ ফাৰুক ইঞ্জিনিয়াৰক সমৰ্থন কৰিছে টাটা মটৰ্ছে । বি চি চি আইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰ, ভাৰতৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিং, ভাৰতৰ অন্যান্য ক্ৰিকেটাৰসকল ক্ৰমে হৰভজন সিং, ৰবীন উথাপ্পা, সঞ্জয় মঞ্জৰেকাৰ, শ্ৰীনাথ আৰু কাঈফক তেওঁলোকৰ অধীনষ্ঠ কোম্পানীৰ উচ্চ পদত চাকৰিত নিযুক্তি দিয়া হৈছে ।

আন বহুকেইগৰাকী ক্ৰিকেটাৰ যেনে- শাৰ্দুল ঠাকুৰ আৰু জয়ন্ত যাদৱেও টাটা গ্ৰুপৰ পৰা সহায় লাভ কৰিছে । টাটা গ্ৰুপে ক্ৰিকেটাৰসকলক টাটা পাৱাৰ্ছ, ষ্টীলছ আৰু এয়াৰৱেজ বিভাগত চাকৰিৰ সুযোগ প্ৰদান কৰিছে । ইয়াৰোপৰি এইসকল ক্ৰিকেটাৰৰ স্প’নছৰৰ দায়িত্বতো আছিল ৰতন টাটা নেতৃত্বাধীন টাটা গ্ৰুপ ৷

এইগৰাকী বিশিষ্ট উদ্যোগপতিয়ে বুধবাৰে নিশা মুম্বাইস্থিত ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে ৷

লগতে পঢ়ক:"আমি ভাৰতৰ এক ৰত্ন হেৰুৱালো", শচীন-নীৰজকে ধৰি ক্ৰীড়াজগতৰ বহু তাৰকাৰ ৰতন টাটালৈ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details