স্প’ৰ্টছ ডেস্ক, 29 জুন:বাৰ্বাডোছৰ কেনিংটন অভেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি 20 বিশ্বকাপৰ চূড়ান্ত মেচত অৱতীৰ্ণ হ’বলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটো ৷ বহুচৰ্চিত ফাইনেলখনৰ পূৰ্বে দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিৰাট কোহলীৰ দুৰ্বল ফৰ্মৰ বিষয়ত মতপ্ৰকাশ কৰিছে ৷ দ্ৰাবিড়ে কোহলীক সমৰ্থন কৰি দলৰ সামগ্ৰিক শক্তিৰ ওপৰত বিশ্বাস ৰখা বুলি প্ৰকাশ কৰে ৷
বাৰ্বাডোছলৈ ৰাওনা হোৱাৰ পূৰ্বে গুয়ানাত এক সংবাদমেল সম্বোধন কৰি ৰাহুল দ্ৰাবিড়ে এই কথা স্পষ্ট কৰে ৷ ৰাহুলে কয় যে, দলৰ বাবে বিৰাট এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ ৷ বিৰাটে এক কঠিন পৰিস্থিতিৰ মাজেৰে আহি আজিৰ এই পৰ্যায় পাইছে ৷ তেওঁ দুৰ্বল ফৰ্মত ভূগি আছে যদিও অচিৰে আগৰ ফৰ্মলৈ উভতি আহি সন্তোষজনক প্ৰদৰ্শন দাঙি ধৰিব বুলি সংবাদমেলত ব্যক্ত কৰে ভাৰতৰ প্ৰশিক্ষকগৰাকীয়ে ৷
লগতে পঢ়ক:টি 20 বিশ্বকাপৰ ফাইনেলত আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকা: গুৰুত্বপূৰ্ণ কিছু তথ্য - T20 World Cup 2024
বছৰ বছৰ ধৰি দৰ্শনীয় বেটিংক্ৰমৰে ভাৰতীয় দলত গুৰুত্বপূৰ্ণ স্থান দখল কৰি অহা বিৰাট কোহলীয়ে চলিত বিশ্বকাপত দুবাৰকৈ শূন্যত আউট হয় ৷ যাৰ বাবে খেলুৱৈগৰাকীক লৈ দৰ্শক তথা সমৰ্থকসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে ৷ কিন্তু এই সকলো আওকাণ কৰি দ্ৰাবিড়ে ব্যক্তিগত প্ৰদৰ্শনৰ বিপৰীতে দলৰ সামগ্ৰিক প্ৰদৰ্শনৰ ওপৰত ফলাফল নিৰ্ভৰ কৰে বুলি সদৰী কৰে ৷
ক্ৰিকেট এক সামূহিক ক্ৰীড়া ৷ যদিও বিৰাটে শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই, কিন্তু বিৰাটক বাদ দি বাকী বহুকেইগৰাকী খেলুৱৈয়ে এই শৃংখলাত শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছে ৷ এই দলটোৰ সৌন্দৰ্য হৈছে চাপত প্ৰদৰ্শন কৰাৰ সামৰ্থ - দ্ৰাবিড়ে লগতে কয় ।
ফাইনেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ দলটোৰ প্ৰদৰ্শন সন্দৰ্ভতো দ্ৰাবিড়ে মতপ্ৰকাশ কৰে ৷ দ্ৰাবিড়ে কয় যে, দক্ষিণ আফ্ৰিকাৰ দ্বাৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ভাৰতীয় দলটো ৷ কিন্তু ভাৰতীয় দলটোৰ ওপৰত প্ৰশিক্ষকগৰাকীৰ সম্পূৰ্ণ আস্থা আৰু সমৰ্থন আছে ৷