স্প’ৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ:গ্ৰীষ্মকালীন পেৰিছ পেৰালিম্পিকত ভাৰতৰ পেৰা খেলুৱৈসকলে প্ৰমাণ কৰিছে তেওঁলোকৰ প্ৰতিভা । দেওবাৰে নিশা ভাৰতে পেৰালিম্পিকত লাভ কৰে আন এটা পদক ৷
ভাৰতৰ দৌৰবিদ প্ৰীতি পালে মহিলাৰ 200 মিটাৰ টি 35 ইভেণ্টত ব্ৰঞ্জৰ পদক জিকি সৃষ্টি কৰে ইতিহাস । তেওঁ পেৰালিম্পিক আৰু অলিম্পিক দুয়োখন প্ৰতিযোগিতাতে ট্ৰেক এণ্ড ফিল্ডত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈত পৰিণত হয় ।
প্ৰীতিয়ে 30.01 ছেকেণ্ডৰ ব্যক্তিগত শ্ৰেষ্ঠ সময়ৰ সৈতে এই কৃতিত্ব অৰ্জন কৰে ৷ এই ইভেণ্টত চীনা যুটি জিয়া ঝৌ(28.15) আৰু গুও কিয়ানকিয়ানে(29.09 ছেকেণ্ড) ক্ৰমে সোণ আৰু ৰূপৰ পদক জয়ী কৰে ৷
ইয়াৰ পূৰ্বে শুকুৰবাৰে ভাৰতীয় দৌৰবিদগৰাকীয়ে মহিলাৰ 100 মিটাৰ টি 35 ত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল । 23 বছৰীয়া ভাৰতৰ প্ৰতিশ্ৰুতিশীল খেলুৱৈগৰাকীয়ে 14.21 ছেকেণ্ড সময়ৰে ফাইনেলত লাভ কৰে তৃতীয় স্থান ৷ যিটো ব্যক্তিগত ইভেণ্টত খেলুৱৈগৰাকীৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ৷ 100 মিটাৰ ইভেণ্টত একেটা চীনা যুটিয়ে সোণ আৰু ৰূপৰ পদক জিকিছিল । 200 মিটাৰ ইভেণ্টত যুটিটো প্ৰীতিৰ বাবে হৈ পৰিছিল এক প্ৰত্যাহ্বানস্বৰূপ ৷