অসম

assam

পেৰা এথলীটসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ: জনালে অভিনন্দন - PM MODI MEETS PARA ATHLETES

By ETV Bharat Sports Team

Published : Sep 12, 2024, 7:20 PM IST

Paris paralympics 2024: পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰে গঠিত দলটোক দেশৰ প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে সাক্ষাৎ কৰে ৷ নতুন দিল্লীৰ বাসভৱনত পেৰা-এথলীটসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে শুভেচ্ছা প্ৰদান কৰে ৷

PM MODI MEETS PARA ATHLETES
পেৰা এথলীটসকলৰ সৈতে প্ৰধানমন্ত্ৰী (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 12 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভাৰতৰ পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈসকলক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ৷ সদ্যসমাপ্ত পেৰিছ গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছত অভিলেখসংখ্যক 29 টা পদক জয় কৰাৰ বাবে দলটোক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

ক্ৰীড়া মন্ত্ৰালয়ে শ্বেয়াৰ কৰা 43 ছেকেণ্ডৰ এটা ভিডিঅ’ত প্ৰধানমন্ত্ৰীক পেৰালিম্পিয়ান পদক বিজয়ীসকলক অভিনন্দন জনোৱা আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰা দেখা যায় । ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱিয়া আৰু পেৰালিম্পিক কমিটী অৱ ইণ্ডিয়াৰ(পি চি আই) মুৰব্বী দেৱেন্দ্ৰ ঝাজহাৰিয়াও বাৰ্তালাপৰ সময়ত উপস্থিত আছিল ।

মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল (এছ এইচ 1) প্ৰতিযোগিতাত ক্ৰমাগত দ্বিতীয়টো পেৰালিম্পিক স্বৰ্ণ জয় কৰা শ্বুটাৰ অৱনী লেখাৰা আৰু পেৰালিম্পিক পদক জয় কৰা ভাৰতৰ প্ৰথম জুডো খেলুৱৈ কপিল পাৰমাৰ প্ৰধানমন্ত্ৰীৰ সৈতে ফটোৰ বাবে প’জ দিয়াসকলৰ ভিতৰত আছিল অন্যতম ।

পেৰিছ পেৰালিম্পিকত ভাৰতৰ 84 জনীয়া দলটোৱে অংশগ্ৰহণ কৰি তিনি বছৰ পূৰ্বে টকিঅ’ পেৰালিম্পিকত অৰ্জন কৰা 19 টা পদকৰ সংখ্যাক অতিক্ৰম কৰে ৷ এই খেলসমূহৰ সময়ত ভাৰতে প্ৰথমবাৰৰ বাবে এথলেটিকছৰ ট্ৰেক ইভেণ্টত পদক অৰ্জন কৰাৰ উপৰিও আৰ্চাৰীত প্ৰথমবাৰৰ বাবে (হৰবিন্দৰ সিঙৰ জৰিয়তে) সোণৰ পদক জিকিছিল ।

স্বদেশলৈ উভতি অহাৰ পিছত পেৰালিম্পিয়ান খেলুৱৈসকলক চৰকাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ লগতে ক্ৰীড়া মন্ত্ৰী মান্দৱিয়াই সোণৰ পদক বিজয়ীসকলক 75 লাখ টকা, ৰূপৰ পদক বিজয়ীসকলক 50 লাখ টকা আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলক 30 লাখ টকাকৈ পুৰস্কাৰ প্ৰদান কৰে ।

ৰাকেশ কুমাৰৰ সৈতে আৰ্চাৰীৰ মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শীতল দেৱীয়ে লাভ কৰিছে 22.5 লাখ টকা ৷

লগতে পঢ়ক:ভাৰতলৈ আহি আছে তুৰ্কীৰ ভাইৰেল শ্বুটাৰ ইউছুফ ডিকেক: অংশগ্ৰহণ কৰিব শ্বুটিং বিশ্বকাপত - YUSUF DIKEC TO COME INDIA

ABOUT THE AUTHOR

...view details