স্প’ৰ্টছ ডেস্ক:আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত নিৰ্মিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হৈছে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম । 2020 চনত নিৰ্মিত এই ষ্টেডিয়ামখনত এক লাখ অনুৰাগীয়ে একেলগে বহি উপভোগ কৰিব পাৰে ক্ৰিকেট মেচ ৷ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আছে সকলো অত্যাধুনিক সা-সুবিধা ।
কিন্তু খৰচৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতকৈ পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামৰ মূল্য 10 গুণ বেছি । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট মেচ এই খেলপথাৰতে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে । এই ক্ৰিকেট ষ্টেডিয়ামখন হৈছে বিশ্বৰ সৰ্বাধিক দামী ক্ৰিকেট ষ্টেডিয়াম ।
বিশ্বৰ সৰ্বাধিক দামী ক্ৰিকেট ষ্টেডিয়াম
পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামখন হৈছে অষ্ট্ৰেলিয়াৰ অন্যতম সুন্দৰ ষ্টেডিয়াম ৷ এই ষ্টেডিয়ামখন দেশৰ সৰ্ববৃহৎ আৰু নৱনিৰ্মিত ষ্টেডিয়াম । 2014 চনৰ পৰা আৰম্ভ হোৱা এই ষ্টেডিয়ামখন নিৰ্মাণ কৰিবলৈ সময় লাগিছিল প্ৰায় 3 বছৰ । 2017 চনৰ শেষৰফালে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই ষ্টেডিয়ামখন 2018 চনৰ 21 জানুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । ইয়াৰ উপৰিও ই হৈছে অষ্ট্ৰেলিয়াৰ তৃতীয় বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম, য’ত একে সময়তে 60 হাজাৰ দৰ্শকে উপভোগ কৰিব পাৰে খেল ৷ ষ্টেডিয়ামখনৰ পৰিসীমা দীঘলে 165 মিটাৰ আৰু বহলে 130 মিটাৰ ।
ষ্টেডিয়ামখনৰ ব্যয়
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে প্ৰায় 1.6 বিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ খৰচ হৈছিল ৷ যিটো সেই সময়ত ভাৰতীয় টকাৰ হিচাপত আছিল প্ৰায় 8 হাজাৰ কোটি টকা ৷ পাৰ্থ ষ্টেডিয়াম মূলতঃ ফুটবল আৰু ক্ৰিকেটৰ বাবে ব্যৱহাৰ কৰা হয় । ইয়াত প্ৰায়ে ফুটবল, ৰাগবী আৰু এথলেটিকছ খেল অনুষ্ঠিত হয় । পাৰ্থৰ অষ্ট্ৰেলিয়ান ফুটবল লীগৰ দুটা দলে ইয়াত নিয়মীয়াকৈ নিজৰ মেচ খেলে । একে সময়তে বিগ বেছ লীগৰ দল পাৰ্থ স্কোৰ্চাৰ্ছেও একেটা স্থানতে ঘৰুৱা খেলত অংশগ্ৰহণ কৰে ৷
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নিৰ্মাণত ব্যয়ৰ পৰিমাণ
ভাৰতৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম 63 একৰ মাটিত বিস্তৃত । এই ষ্টেডিয়ামত প্ৰায় 1 লাখ 14 হাজাৰ দৰ্শকৰ বাবে আসনৰ সুবিধা আছে ৷ খেলপথাৰখনত 11 খন ভিন্ন ক্ৰিকেট খেলপথাৰো আছে । সকলোতকৈ বিশেষ কথাটো এয়ে যে, এই ষ্টেডিয়ামত বহি অনুৰাগীয়ে প্ৰতিটো কোণৰ পৰাই উপভোগ কৰিব পাৰে ক্ৰিকেট খেল ৷ ষ্টেডিয়ামখনৰ প্ৰতিটো ষ্টেণ্ডৰ মাজত এটাকৈ খুঁটা আছে, যাৰ বাবে ই বাকী খেলপথাৰৰ পৰা আঁতৰত থাকে ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই ষ্টেডিয়ামখন নিৰ্মাণ কৰিবলৈ প্ৰায় 5 বছৰ সময় লাগিছিল আৰু ইয়াৰ বাবে ব্যয় হৈছে 800 কোটি টকা । ষ্টেডিয়ামটোত প্ৰথমখন মেচ 2021 চনৰ 24 ফেব্ৰুৱাৰীত ভাৰত আৰু ইংলেণ্ড(দিবা-নৈশ টেষ্ট মেচ) ৰ মাজত অনুষ্ঠিত হৈছিল ৷
লগতে পঢ়ক:বেটিং বিপৰ্যয় স্বত্বেও পাৰ্থ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 83 ৰাণত অগ্ৰগতি ভাৰতৰ