স্পৰ্টছ ডেস্ক, ৬ আগষ্ট :প্ৰাক্তন কিংবদন্তী শ্বাটলাৰ প্ৰকাশ পাডুকনে পেৰিছ অলিম্পিকত ভাৰতীয় শ্বাটলাৰসকলৰ হতাশাজনক প্ৰদৰ্শনৰ পিচত সমালোচনা কৰে । লক্ষ্য সেনৰ পৰাজয়ৰ পিচতে প্ৰকাশ পাডুকনে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । আনহাতে, তেওঁৰ বক্তব্যৰ পিচতে অশ্বিনী পোনাপ্পায়ো তেওঁৰ বক্তব্যক সমালোচনা কৰে ।
পোনাপ্পাই তেওঁৰ সামাজিক মাধ্যম একাউণ্ট ইনষ্টাগ্ৰামত খেলুৱৈসকলৰ ওপৰত অন্যায়ভাৱে দোষাৰোপ কৰাৰ বাবে নিজৰ হতাশা ব্যক্ত কৰে । তেওঁ প্ৰশ্ন কৰে যে বিফলতাৰ বাবে কেৱল খেলুৱৈসকলকে কিয় দোষাৰোপ কৰা হৈছে । আনহাতে, প্ৰস্তুতি আৰু কৌশল নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰশিক্ষকসকলৰ ওপৰত কিয় মন্তব্য কৰা নাই বুলিও তেওঁ মন্তব্য কৰে ।
পোনাপ্পাই ইনষ্টাগ্ৰাম ষ্টৰীত লিখিছে, "মই এইটো দেখি হতাশ হৈছোঁ । যদি এগৰাকী খেলুৱৈ জয়ী হয়, সকলোৱে কৃতিত্ব ল'বলৈ আগবাঢ়ি আহে । আৰু যদি খেলুৱৈসকল পৰাজিত হয়, তেন্তে এয়া কেৱল খেলুৱৈগৰাকীৰ দোষ ? খেলুৱৈগৰাকীৰ প্ৰস্তুতিৰ অভাৱ আৰু পৰ্যাপ্ত প্ৰস্তুতি নোহোৱাৰ বাবে প্ৰশিক্ষকসকলক কিয় দোষ দিয়া নহয় ? যদি তেওঁ জয়ৰ কৃতিত্ব লোৱা প্ৰথম ব্যক্তি হয়, তেন্তে তেওঁ খেলুৱৈসকলৰ পৰাজয়ৰ দায়িত্ব কিয় নলয় ?"