স্পৰ্টছ ডেস্ক, 2 আগষ্ট :চলিত পেৰিছ অলিম্পিকত এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে । এই বিতৰ্ক হৈছে এগৰাকী মহিলা বক্সাৰক কেন্দ্ৰ কৰি । অভিযোগ উঠিছে, বক্সাৰ ইমান খালিফ এগৰাকী জৈৱিক পুৰুষ হোৱা সত্ত্বেও মহিলা বক্সাৰ হিচাপে অলিম্পিক খেলি আছে । যাৰ বাবে ইমান খালিফ বৰ্তমান ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে ।
লগতে ইউজাৰসকলে এই বিষয়ত আগ্ৰহ দেখুৱাইছে যে এই বক্সাৰগৰাকী কোন । কিছুমানে তেওঁক এগৰাকী মহিলা হিচাপে অভিহিত কৰাৰ বিপৰীতে আন কিছুমানে আকৌ তেওঁক এগৰাকী জৈৱিক পুৰুষ বুলি কয় । কিয়নো তেওঁৰ এক্স ৱাই ক্ৰম'জম আছে ।
- বিতৰ্কটো কি ?
এই বিতৰ্ক আৰম্ভ হয় বৃহস্পতিবাৰে । পেৰিছ অলিম্পিকত ইটালীৰ বক্সাৰ এঞ্জেলা কেৰিনিয়ে ইমান খালিফৰ মুখামুখি হৈছিল । কিন্তু বাউট আৰম্ভ হোৱাৰ মাত্ৰ 46 ছেকেণ্ডৰ পিচতে কেৰিনীয়ে 'নিজৰ জীৱন ৰক্ষা' কৰিবলৈ মেচখন ত্যাগ কৰিবলৈ সিদ্ধান্ত লয় ।
খালিফে মাত্ৰ 46 ছেকেণ্ডতে মেচখনত জয়লাভ কৰে । আনহাতে, মেচৰ সিদ্ধান্ত ঘোষণাৰ পিচত ইটালীৰ বক্সাৰ কেৰিনিয়ে খালিফৰ সৈতে হাত মিলোৱা নাছিল আৰু নিজৰ আঁঠুত মুখ গুজি ৰিঙতে কান্দিছিল । তাৰ পিচত চকুপানী টুকি কেৰিনিয়ে কৈছিল যে প্ৰাৰম্ভিক পাঞ্চৰ পিছত নাকত তীব্ৰ বিষ হোৱাৰ বাবে তেওঁ বাউট এৰিছিল । তেওঁ কয় মেচখনত তেওঁ পৰাস্ত হোৱা নাই, কিন্তু নিজকে জয়ী হোৱা বুলি বিবেচনা কৰে ।
- 2023 বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হৈছিল
অৱশ্যে ইমান এনে বিতৰ্কৰ কেন্দ্ৰত থকাটো এইটোৱে প্ৰথম নহয় । পূৰ্বেও লিংগ যোগ্যতাৰ চৰ্ত পূৰণ নকৰাৰ বাবে তেওঁক বিশ্ব চেম্পিয়নশ্বিপ, 2023-ত অংশগ্ৰহণ কৰাৰ বাবে অযোগ্য ঘোষণা কৰিছিল । তৎসত্ত্বেও তেওঁ কেনেকৈ পেৰিছ অলিম্পিকত খেলিবলৈ অনুমতি লাভ কৰিলে সেয়াও এক ডাঙৰ প্ৰশ্ন । অৱশ্যে ইয়াৰ কোনো উত্তৰ কাৰো ওচৰত নাই ।
- পেৰিছ অলিম্পিকত যোগ্যতা অৰ্জন সন্দৰ্ভত আই অ' চি
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখপাত্ৰ মাৰ্ক এডামছে ইমান খালিফ বিতৰ্কৰ বিষয়ে কয় যে যিহেতু খালিফে তেওঁৰ পাছপোৰ্টত 'মহিলা' লিখিছে, তেওঁ 66 কিলোগ্ৰাম শাখাত মহিলাৰ শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰিছে । "মহিলা শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰা সকলো মহিলায়ে প্ৰতিযোগিতাৰ যোগ্যতাৰ নিয়ম অনুসৰণ কৰি আহিছে । তেওঁৰ পাছপোৰ্টত মহিলা লিখা আছে আৰু সেয়েহে এইটো কোৱা হৈছে যে তেওঁ মহিলা ।" তেওঁ কয় ।
- কোন এইগৰাকী ইমান খালিফ