অসম

assam

ETV Bharat / sports

অলিম্পিকত দুটাকৈ পদক জয় কৰিও খেলৰত্নৰ বাবে বিবেচিত নহ’ল এইগৰাকী তাৰকা খেলুৱৈ - KHEL RATNA AWARD

ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰৰ খেলৰত্ন বঁটাৰ বাবে মনোনয়ন প্ৰত্যাখ্যান কৰা হৈছে । কিন্তু কিয় জানেনে ?

KHEL RATNA AWARD NOMINATIONS
অলিম্পিক পদক বিজয়ী মনু ভাকৰ (ANI)

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 1:30 PM IST

নতুন দিল্লী: ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে পেৰিছ অলিম্পিকত দুটাকৈ পদক জয় কৰি ভাৰতীয় ক্ৰীড়া ইতিহাসত নিজৰ নাম খোদিত কৰিছিল । প্ৰথমতে তেওঁ মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰি যিকোনো অলিম্পিকত পদক জয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে তেওঁ ইতিহাস সৃষ্টি কৰিছিল । আনহাতে, ভাকৰে তেওঁৰ পুৰুষ সতীৰ্থ সৰৱজোৎ সিঙৰ সৈতে মিশ্ৰিত ১০ মিটাৰ এয়াৰ পিষ্টলৰ দলীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰিছিল । এই ঈৰ্ষণীয় প্ৰদৰ্শনেৰে একেটা অলিম্পিক সংস্কৰণত দুটাকৈ পদক জয় কৰি তেওঁ ভাৰতৰ স্বাধীনতাৰ পিছত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় ।

কিন্তু টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, ইমান ডাঙৰ সফলতা লাভ কৰা সত্ত্বেও খেলৰত্ন বঁটাৰ বাবে মনোনয়নত নাম নাই মনু ভাকৰৰ । উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভি ৰামসুব্ৰমণৰ নেতৃত্বত গঠিত ১২ জনীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস সমিতিয়ে এই সন্মানীয় বঁটাৰ বাবে ভাকৰৰ নামৰ বাবে পৰামৰ্শ আগবঢ়োৱা নাছিল ।

প্ৰতিবেদন অনুসৰি, ক্ৰীড়া মন্ত্ৰণালয়ৰ বিষয়াসকলে দাবী কৰিছে যে শ্বুটাৰগৰাকীয়ে এই পুৰস্কাৰৰ বাবে আবেদন কৰা নাছিল । অৱশ্যে ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ পিতৃ-মাতৃয়ে দাবী কৰিছে যে শ্বুটাৰগৰাকীয়ে পুৰস্কাৰৰ বাবে আবেদন কৰিছিল । কিন্তু তেওঁলোকে সমিতিৰ পৰা কোনো সঁহাৰি পোৱা নাছিল ।

উল্লেখ্য যে পিষ্টলৰ বিজুতিৰ বাবে ভাকৰে ২০২০ অলিম্পিকত পদক অবিহনেই দেশলৈ উভতি আহিবলগা হৈছিল । কিন্তু তেওঁ এই বছৰ পেৰিছত পোডিয়াম ফিনিশ্বৰ সৈতে এক চমৎকাৰ প্ৰত্যাৱৰ্তন কৰে । আনহাতে, 2022 চনৰ এছিয়ান গেমছত মহিলাৰ 25 মিটাৰ পিষ্টল ইভেণ্টত তেওঁ সোণৰ পদকো জয় কৰিছিল । ইয়াৰ দ্বাৰা যোৱাবাৰৰ অলিম্পিকত তেওঁৰ বিফলতাৰ বাবে বিভিন্ন কথাৰে তেওঁক সমালোচনা কৰাসকলক ভাকৰে এই উজ্জ্বীৱিত প্ৰদৰ্শনেৰে মুখ বন্ধ কৰি দিছিল ।

লগতে পঢ়ক :বিনোদ কাম্বলীৰ স্বাস্থ্যৰ অৱনতি, থানে চিকিৎসালত চিকিৎসাধীন - VINOD KAMBLI HOSPITALISED
লগতে পঢ়ক :উদয়পুৰত পি ভি সিন্ধুৰ ৰাজকীয় বিবাহ; হায়দৰাবাদত হ’ব বৰভোজ - PV SINDHU WEDDING

ABOUT THE AUTHOR

...view details