স্পৰ্টছ ডেস্ক, 3 আগষ্ট : পেৰিছ অলিম্পিক 2024 ত 1/8 এলিমিনেচন ৰাউণ্ডৰ মেচত জয়লাভ কৰি ভাৰতীয় অভিজ্ঞ আৰ্চাৰ দীপিকা কুমাৰীয়ে কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ জাৰ্মানীৰ মিচেল ক্ৰপেনক 6-4 ব্যৱধানত পৰাস্ত কৰি দীপিকাই পদকৰ দিশে আৰু এখোজ আগুৱাই যায় ৷
কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে দীপিকাই :
30 বছৰীয়া দীপিকাই প্ৰথম ছেটত 27-24 ব্যৱধানত জয়লাভ কৰে, যেতিয়া তেওঁৰ প্ৰতিদ্বন্দ্বীয়ে প্ৰথম প্ৰচেষ্টাত মাত্ৰ 6 পইণ্টহে লাভ কৰিবলৈ সক্ষম হয় ৷ দ্বিতীয়টো ছেট ড্ৰ’ত শেষ হয় আৰু দুয়োগৰাকী ধনুৰ্বিদে 27 পইন্ট সংগ্ৰহ কৰে ৷ ইয়াৰ পাচত দীপিকাই তৃতীয় ছেটত 26-25 ব্যৱধানত জয়লাভ কৰে যদিও ক্ৰ’পেনে এক উজ্জ্বল প্ৰত্যাৱৰ্তন কৰি চতুৰ্থ ছেটত 29-27 ব্যৱধানত জয়লাভ কৰে ৷
অৱশ্যে ভাৰতৰ অভিজ্ঞ ধনুৰ্বিদগৰাকীয়ে নিজকে নিয়ন্ত্ৰণ কৰি পঞ্চম ছেটত জাৰ্মান প্ৰতিদ্বন্দ্বী দলৰ 27 পইণ্টৰ সমান কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে ৷ আজিয়ে অনুষ্ঠিত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেলত তেওঁ কোৰিয়াৰ আৰ্চাৰ নাম এছৰ বিৰুদ্ধে খেলিব ৷