স্পৰ্টছ ডেস্ক,২৮ এপ্ৰিল :পাকিস্তান ক্ৰিকেট ব'ৰ্ডে (পিচিবি) দেওবাৰে বিশ্বকাপ বিজয়ী গেৰী কাৰ্ষ্টেনক এদিনীয়া আৰু টি-২০ ৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে । আনহাতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন পেচাৰ জেচন গিলেস্পিক টেষ্ট ক্ৰিকেটৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে । তেওঁলোকৰ উপৰিও পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ আজহাৰ মাহমুদক প্ৰতিটো ফৰ্মেটত দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।
পিচিবিৰ মুৰব্বী মহছিন নকভিয়ে এক সংবাদমেলত কয় যে শীৰ্ষ পৰ্যায়ৰ প্ৰশিক্ষক গেৰী কাৰ্ষ্টেন আৰু গিলেস্পিৰ নিযুক্তিয়ে স্পষ্ট কৰে যে পাকিস্তান ক্ৰিকেট দলক কিমান গুৰুত্ব দিয়া হৈছে । তেওঁ লগতে কয় যে পিচিবিয়ে দলটোক সৰ্বশ্ৰেষ্ঠ সুবিধা দিব বিচাৰে আৰু সেয়েহে কাৰ্ষ্টেন আৰু গিলেস্পিৰ দৰে প্ৰাক্তন ক্ৰিকেটাৰক নিযুক্তি দিয়া হৈছে ।
কাৰ্ষ্টেনে ২২ মে'ৰ পৰা পাকিস্তান দলটোৰ ইংলেণ্ড ভ্ৰমণৰ পৰা দায়িত্ব গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে য'ত ৪ খন টি-২০ মেচ খেলা হ'ব । তাৰ পৰা দলটোৱে জুনত টি-২০ বিশ্বকাপৰ বাবে ভ্ৰমণ কৰিব । কাৰ্ষ্টেনে ভাৰতীয় দলটোৰো প্ৰশিক্ষক আছিল । ২০১১ ত তেওঁ প্ৰশিক্ষক হৈ থকা সময়ত ভাৰতীয় দলটো বিশ্বকাপৰ চেম্পিয়ন আছিল ।