স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ:মুলতানত ইংলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে অধিনায়ক বেন ষ্ট’কছে । তিনিখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ বাবে ইংলেণ্ডে ঘোষণা কৰিছে মূল একাদশ ।
ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্ট’কছে দলটোৰ হৈ বিগত চাৰিখন টেষ্টত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছিল ৷ দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টেষ্ট শৃংখলাতো দেখা পোৱা হোৱা নাছিল খেলুৱৈগৰাকীক ৷
শৃংখলাৰ প্ৰথমখন টেষ্টৰ বাবে ষ্ট’কছক জিৰণি দিয়া হৈছিল ৷ ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে সোমবাৰে দ্বিতীয় টেষ্টৰ বাবে ঘোষণা কৰা দলটোত খেলুৱৈগৰাকীক অন্তৰ্ভুক্তিৰ কথা উল্লেখ কৰি কয় যে, অধিনায়কগৰাকী সম্প্ৰতি হেমষ্ট্ৰিঙৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে ৷ যি আঘাতৰ বাবে দীৰ্ঘদিনে ষ্ট’কছে খেলপথাৰৰ পৰা বাহিৰত আছিল ৷
আনহাতে, মেথিউ পটছেও দলত স্থান লাভ কৰাৰ বিপৰীতে গাছ এটকিনছন আৰু ক্ৰীছ ৱ’কেছক দিয়া হৈছে জিৰণি । আগষ্টৰ শেষৰফালে শ্ৰীলংকাৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত এখন টেষ্টত অংশগ্ৰহণৰ পিছত টেষ্ট মেচলৈ প্ৰথমবাৰৰ বাবে পটছ উভতি অহাৰ কথা সদৰী কৰে দলটোৱে ৷