অসম

assam

By ETV Bharat Sports Team

Published : 4 hours ago

ETV Bharat / sports

ফুটবলত কিক মাৰি মাৰাথনৰ শুভাৰম্ভ কৰিলে বাইচুং ভুটিয়াই - MARATHON IN TEZPUR

five kilometre marathon in Tezpur: "স্বভাৱ স্বচ্ছতা সংস্কাৰ স্বচ্ছতা" শীৰ্ষক শ্লোগানেৰে তেজপুৰত মাৰাথন প্ৰতিযোগিতা ৷ স্বচ্ছ ভাৰত অভিযানৰ এক বিশেষ অংশ হিচাপে এই কাৰ্যসূচী অনুষ্ঠিত ৷ পঢ়ক সবিশেষ খবৰ...

MARATHON IN TEZPUR
মাৰাথন প্ৰতিযোগিতা (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ: পদ্মশ্ৰী বঁটা প্ৰাপ্ত ভাৰতীয় তাৰকা ফুটবলাৰ বাইচুং ভুটিয়াই সোমবাৰে পুৱা শুভাৰম্ভ কৰে এক মাৰাথন কাৰ্যসূচীৰ ৷ তাৰকা ফুটবলাৰগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপস্থিত আছিল অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু কণ্ঠশিল্পী দ্বীপলিনা ডেকা ৷ তেজপুৰৰ শ্বহীদ বাকৰিত অনুষ্ঠিত হৈছিল উক্ত অনুষ্ঠান ৷

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ দ্বাৰা "স্বভাৱ স্বচ্ছতা সংস্কাৰ স্বচ্ছতা" শীৰ্ষক শ্লোগানেৰে তেজপুৰত সোমবাৰে অনুষ্ঠিত হয় এক মাৰাথন দৌৰৰ কাৰ্যসূচী ৷ স্বচ্ছ ভাৰত অভিযানৰ এক বিশেষ অংশ হিচাপে এই কাৰ্যসূচী অনুষ্ঠিত হয় ৷

তেজপুৰত বাইচুং ভুটিয়া (ETV Bharat Assam)

সশস্ত্ৰ সীমা বলৰ সহযোগিতাত ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে অনুষ্ঠিত কৰা এই মাৰাথনত অংশগ্ৰহণ কৰি ফুটবল তাৰকাগৰাকীয়ে কয় যে, "স্বচ্ছতা সকলোৰে প্ৰয়োজনীয়তা ৷ যুৱ প্ৰজন্মলৈ তেজপুৰৰ পৰা এটাই আহ্বান যাতে সু-স্বাস্থ্যৰ অধিকাৰী হৈ নিজৰ লগতে সকলোৱে পৰিষ্কাৰ-পৰিছন্ন হৈ থাকে" ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই মন্তব্য কৰে যে, "মই সদায় স্বাস্থ্যৰ প্ৰতি সচেতন ৷ নিজৰ স্বাস্থ্যৰ লগতে ঠাইখনৰ পৰিষ্কাৰ কৰি ৰাখক । চৰকাৰে বিচৰাৰ বাবে মই অহা নাই ৷ স্বাস্থ্যৰ প্ৰতি মই দায়বদ্ধ আৰু সকলোৰে হোৱাৰ প্ৰয়োজনীয় আছে" ৷ ফুটবল তাৰকা ভুটিয়াই এটা ফুটবলত স্বাক্ষৰ কৰাৰ পিছত বলটোত কিক কৰি মাৰাথনৰ ফ্লেগ অফ কৰে ৷

উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ অৰুণাচল প্ৰদেশ কর্তৃপক্ষই আয়োজন কৰা এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লায়ন নৃত্য প্ৰদৰ্শন কৰি খেলুৱৈসকলক উৎসাহিত কৰা হয় ৷ এই অনুষ্ঠানত শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:এখন অবিশ্বাস্য ক্ৰিকেট মেচ; মাথো এটা বলত সংগ্ৰহ 286 ৰাণ - 286 Run in 1 ball

ABOUT THE AUTHOR

...view details