স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰী :দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত নিউজীলেণ্ডৰ হৈ ষ্টাৰ বেটছমেন কেন উইলিয়ামছনে প্ৰথম দিনাই 2 উইকেটত মুঠ 258 ৰান সংগ্ৰহ কৰাত সহায় কৰে ৷ লগতে তেওঁৰ প্ৰদৰ্শনে তেওঁক 30 টা টেষ্ট শতক অৰ্জন কৰা চতুৰ্থ দ্ৰুততম বেটছমেন হোৱাত সহায় কৰে ৷
ব্লেককেপছৰ হৈ উইলিয়ামছনে অপৰাজিত 112 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে যুৱ বেটছমেন ৰাচিন ৰবীন্দ্ৰই অপৰাজিত 118 ৰান সংগ্ৰহ কৰে ৷ তৃতীয় উইকেটত 219 ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলা এই যুটিয়ে আয়োজক দলটোক এক সুদৃঢ় স্ক’ৰলৈ লৈ যায় ৷ তেওঁ ক্ৰীজত থকাৰ সময়ত নিউজীলেণ্ডৰ প্ৰাক্তন অধিনায়ক উইলিয়ামছনে কেইটামান অভিলেখ ভংগ কৰিছিল ৷ তেওঁ 30 টা টেষ্ট শতক অৰ্জন কৰা চতুৰ্থ দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হয় ৷
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং আৰু কিংবদন্তি সুনীল গাভাস্কাৰক অতিক্ৰম কৰি 169 টা ইনিংছ খেলি তেওঁ এই কৃতিত্ব অৰ্জন কৰে ৷ এই তালিকাৰ শীৰ্ষত আছে 159 টা ইনিংছ খেলি এই কৃতিত্ব অৰ্জন কৰা ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰ ৷ দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ ৷ তেওঁ 162 টা ইনিংছত এই অভিলেখ গঢ়িছিল ৷