স্প’ৰ্টছ ডেস্ক: আৰম্ভ হৈছে নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট ৷ তিনিখন মেচৰ কাৰ্যসূচীৰে দল দুটাৰ মাজত অনুষ্ঠিত হৈছে এই টেষ্ট শৃংখলা ৷
শৃংখলাৰ প্ৰথমখন মেচত ইংলেণ্ডৰ তাৰকা বেটছমেন জ’ ৰুটে ক্ৰিষ্টচাৰ্চৰ হেগলি অভেল ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে গঢ়িছে এক লজ্জাজনক অভিলেখ ৷ ৰুটে কেৰিয়াৰৰ 150 তম টেষ্ট মেচত অংশগ্ৰহণ কৰি শূন্য ৰাণত আউট হয় ।
ক্ৰিকেটাৰগৰাকীয়ে 13 নম্বৰৰ বাবে আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউ টি চি) চলিত ছিজনত অষ্টমবাৰৰ বাবে শূন্যত আউট হয় । ক্ৰিকেটাৰগৰাকীয়ে সমান্তৰালকৈ বৰ্তমানৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ছিজনত সৰ্বাধিকবাৰ শূন্যত আউট হোৱা বিৰাট কোহলী আৰু ষ্টিভ স্মিথক অতিক্ৰম কৰাৰো অভিলেখ গঢ়ে ।
উল্লেখ্য যে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত স্মিথ আৰু কোহলী সাতবাৰকৈ শূন্যত আউট হৈছে ৷ সম্প্ৰতি দুৰ্বল ফৰ্মত থকা ৰুটে মেচখনত কোনো ৰাণ অবিহনেই পেভিলিয়নলৈ ওভতে ৷
ৰুটে তেওঁৰ অন্তিম পাঁচ ইনিংছত মাত্ৰ 90 ৰাণহে সংগ্ৰহ কৰিছিল । স্মিথে তেওঁৰ স্পেলৰ এটা সুন্দৰ আৰম্ভণি কৰি একে অভাৰত ইংলেণ্ডৰ জেকব বেথেল আৰু ৰুটক আউট কৰে ।
150 তম টেষ্ট মেচত শূন্যত আউট হোৱা ৰুটে আন এক অভিলেখো গঢ়ে ৷ তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ষ্টিভ ৱ’ আৰু ৰিকী পণ্টিঙৰ সৈতে 150 তম টেষ্ট মেচত শূন্যত আউট হোৱা অন্যতম বেটছমেনত পৰিণত হয় ৷
150 তম টেষ্ট মেচত শূন্য ৰাণত আউট হোৱা খেলুৱৈসকল
- ষ্টিভ ৱ’ (অষ্ট্ৰেলিয়া বনাম পাকিস্তান, শ্বাৰজাহ, 2002) – প্ৰথম বল
- ৰিকী পণ্টিং (অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, এডিলেইড, 2010) – প্ৰথম বল
- জ’ ৰুট (ইংলেণ্ড বনাম নিউজিলেণ্ড, ক্ৰিষ্টচাৰ্চ, 2024) – চতুৰ্থ বল
ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্ট উপনীত হৈছে এক আকৰ্ষণীয় পৰ্যায়ত ৷ মেচখনত প্ৰথমে বেট ধৰা নিউজিলেণ্ডৰ 348 ৰাণৰ প্ৰত্যুত্তৰত ইংলেণ্ডে বৰ্তমানলৈকে 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 319 ৰাণ । খেলখনৰ দ্বিতীয় দিনাৰ শেষত হেৰী ব্ৰুক অপৰাজিত 132 ৰাণৰ সৈতে ক্ৰিজত বৰ্তি আছে ।
লগতে পঢ়ক:খেলি থকাৰ মাজতে ঢলি পৰি মৃত্যুক সাৱটিলে ভাৰতীয় ক্ৰিকেটাৰে; ক্ৰিকেট জগতত শোক