অসম

assam

By ETV Bharat Assamese Team

Published : May 14, 2024, 2:18 PM IST

ETV Bharat / sports

ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছৰ ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত নিবিড় শইকীয়া - footballer Nibir Saikia

Nibir Saikia selected for football training : ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছৰ 13 বছৰৰ অনুৰ্ধৰ ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে নিবিড় শইকীয়া ৷ নিবিড়ৰ ফুটবল প্ৰশিক্ষণৰ লগতে পঢ়া-শুনাৰ সম্পূৰ্ণ দায়িত্ব ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছে গ্ৰহণ কৰিব ।

Nibir Saikia selected for football training at Reliance Foundation Young Champs
ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছৰ ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে নিবিড় শইকীয়া (ETV BHARAT ASSAM)

ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছৰ ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে নিবিড় শইকীয়া (ETV BHARAT ASSAM)

আমগুৰি, ১৪ মে’ :শিৱসাগৰ জিলাৰ নামতি মিছাজান নামদঙীয়া গাঁৱৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ সফলতা । ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছৰ 13 বছৰৰ অনুৰ্ধৰ ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে নিবিড় শইকীয়া নামৰ কিশোৰগৰাকী । জানিব পৰা মতে অসমৰ আঠ জনীয়া এটা দল গৈছিল প্ৰশিক্ষণৰ বাবে মুম্বাইলৈ গৈছিল ৷ এই আঠ জনীয়া দলটিৰ পৰা নিৰ্বাচিত হয় নিবিড় ৷

নামতি মিছাজান নামদঙীয়া গাঁৱৰ অচ্যুত শ‌ইকীয়া আৰু মাতৃ লক্ষীমণি শ‌ইকীয়াৰ কনিষ্ঠ পুত্ৰ নিবিড় শ‌ইকীয়া । ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছে 6 বছৰৰ বাবে নিবিৰক চুক্তিবদ্ধ কৰিছে ৷ নিবিড়ৰ ফুটবল প্ৰশিক্ষণৰ লগতে পঢ়া-শুনাৰ সম্পূৰ্ণ দায়িত্ব ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছে গ্ৰহণ কৰিব । এই 6 বছৰীয়া প্ৰশিক্ষণৰ বাবে আহা 13 জুনত নিবিড় ৰাওনা হ’ব মুম্বাইলৈ ৷

ইয়াৰ পিচতে, নিবিড় শ‌ইকীয়াৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে নামতি অঞ্চলবাসীৰ লগতে সমগ্ৰ শিৱসাগৰবাসী । নিবিড় শ‌ইকীয়াৰ এই সফলতাৰ বাবে উৎসাহ জনাবৰ বাবে মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে, সদৌ অসম মহিলা সন্থাৰ বিষয়ববীয়া উপস্থিত হয় কিশোৰটোৰ বাসগৃহত ।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতা, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতীম দত্ত , নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অৰিন্দম কলিতা আৰু সদৌ অসম মহিলা সন্থাৰ কেন্দ্ৰীয় সম্পাদিকা ইন্দ্ৰানী ৰাজকুমাৰী উপস্থিত হয় ছাত্ৰজনৰ বাসগৃহত ৷ আটাইকেইগৰাকী বিষয়ববীয়াই কিশোৰগৰাকীক আশীৰ্বাদ দিয়াৰ লগতে উৎসাহ প্ৰদান কৰে । নিবিড়ৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ ৷

লগতে পঢ়ক:চি বি এছ চিৰ দশম শ্ৰেণীৰ ফলাফলত উজলিল টুইংকল বৰগোঁহাই আৰু পূৰ্বাশ্ৰী বৰমুদৈ - CBSE 10th Result 2024

ABOUT THE AUTHOR

...view details