অসম

assam

ETV Bharat / sports

খিতাপ দখলৰ যুঁজত নিউজিলেণ্ডৰ মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা; ক’ত উপভোগ কৰিব এই মেচ

NZ vs SA free Live streaming: দেওবাৰে আই চি চি মহিলা টি 20 বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা ৷

By ETV Bharat Sports Team

Published : 12 hours ago

ICC WOMENS T20 WORLD CUP 2024
আজি আই চি চি মহিলা টি 20 বিশ্বকাপৰ ফাইনেল (AP Photo)

স্প’ৰ্টছ ডেস্ক, 20 অক্টোবৰ: দেওবাৰে অনুষ্ঠিত হ’ব দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত আই চি চি মহিলা টি 20 বিশ্বকাপৰ বহু প্ৰত্যাশিত ফাইনেল মেচ ৷ তাৰবাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে দল দুটা ৷

সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মহিলা টি 20 বিশ্বকাপৰ ফাইনেল মেচখন ৷

দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডে পূৰ্বে লাভ কৰা নাই খিতাপ

দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ পুৰুষ আৰু মহিলা দুয়োটা দলেই কেতিয়াও জয়ী কৰিব পৰা নাই কোনো আই চি চি বিশ্বকাপৰ খিতাপ ৷ গতিকে দুয়োটা দলে অত্যন্ত চাপত খেলপথাৰত নামি প্ৰথমবাৰৰ বাবে খিতাপ দখলৰ বাবে যুঁজ দিব ৷

দক্ষিণ আফ্ৰিকা বনাম নিউজিলেণ্ড মহিলা ফাইনেল

2023 ছিজনৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাই একেৰাহে দ্বিতীয়বাৰৰ বাবে মহিলা টি-20 বিশ্বকাপৰ ফাইনেল খেলিব । ছেমি ফাইনেলত 6 বাৰৰ মহিলা টি-20 বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াক পৰাস্ত কৰি দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে ৷ আনহাতে, নিউজিলেণ্ডে ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ।

দুয়োটা দলৰ মুখামুখি

দুয়োটা দলে বৰ্তমানলৈকে 16 খন মেচত মুখামুখি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ তাৰে 11 খন মেচত নিউজিলেণ্ডে জয়ী হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই মাত্ৰ 4 খন মেচ জিকিছে । সেই দিশৰ পৰা চাবলৈ গ’লে এক শক্তিশালী স্থিতিত আছে নিউজিলেণ্ড ৷

অৱশ্যে আজিৰ মেচখনত চাপ সহ্য কৰিও যিটো দলে উন্নত প্ৰদৰ্শন আগবঢ়াব, তেওঁলোকেই শেষ হাঁহি মাৰিব ৷

দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মহিলা টি-20 বিশ্বকাপ 2024 ফাইনেলৰ পোনপটীয়া সম্প্ৰচাৰ সন্দৰ্ভত কিছু তথ্য:

  • দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড মহিলা টি-20 বিশ্বকাপ 2024 ৰ ফাইনেল মেচখন 20 অক্টোবৰ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ'ব ।
  • মেচখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7.30 বজাৰ পৰা অনুষ্ঠিত হ’ব ৷
  • ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মহিলা টি 20 বিশ্বকাপৰ ফাইনেল মেচ ৷
  • ক্ৰিকেট অনুৰাগীসকলে ষ্টাৰ স্প’ৰ্টছ 1 এইচ ডিত মহিলা টি-20 বিশ্বকাপ 2024 ৰ ফাইনেল মেচখন পোনপটীয়াকৈ উপভোগ কৰিব পাৰিব ৷
  • তদুপৰি ফাইনেল মেচৰ লাইভ ষ্ট্ৰীমিং ডিজনী+ হটষ্টাৰ এপ্লিকেচন আৰু ৱেবছাইটত ভাৰতৰ ব্যৱহাৰকাৰীসকলৰ বাবে উপলব্ধ হ'ব ।

লগতে পঢ়ক: টি 20 মহিলা বিশ্বকাপত অঘটন; ছেমি ফাইনেলৰ পৰাই বিদায় অষ্ট্ৰেলিয়াৰ

ABOUT THE AUTHOR

...view details