অসম

assam

ETV Bharat / sports

প্ৰথমবাৰৰ বাবে মহিলা টি 20 বিশ্বকাপত নিউজিলেণ্ডৰ খিতাপ দখল

Womens T20 World Cup Final: আই চি চি মহিলা টি 20 বিশ্বকাপত শেষ হাঁহি মাৰিলে নিউজিলেণ্ডে ৷

By ETV Bharat Sports Team

Published : 4 hours ago

ICC Womens T20 World Cup 2024
মহিলা টি 20 বিশ্বকাপত নিউজিলেণ্ড চেম্পিয়ন (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 21 অক্টোবৰ:দেওবাৰৰ বহু প্ৰত্যাশিত সন্ধিয়াটোত ইতিহাস সৃষ্টি কৰি পোন প্ৰথমবাৰৰ বাবে আই চি চি মহিলা টি 20 বিশ্বকাপৰ খিতাপ দখল কৰে নিউজিলেণ্ডে ৷ 32 ৰাণত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয় লাভ কৰে দলটোৱে ৷

ইয়াৰ পূৰ্বে পুৰুষেই হওঁক বা মহিলাই হওঁক, কোনো এটা দলে আই চি চি ৰ টি 20 বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাছিল ৷

অৱশ্যে দক্ষিণ আফ্ৰিকায়ো আজিলৈকে কোনো ধৰণৰ আই চি চি ৰ টি 20 বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই ৷ চলিত বৰ্ষত পুৰুষৰ টি-20 বিশ্বকাপৰ ফাইনেলত দলটো ভাৰতৰ হাতত পৰাজিত হৈছিল ৷ সেয়ে অনুৰাগীসকলে মহিলা দলটোৰ পৰা খিতাপ জয়ৰ আশা কৰিছিল যদিও সেয়া ব্যৰ্থ প্ৰমাণিত হয় ৷

দেওবাৰে সন্ধিয়া অনুষ্ঠিত ফাইনেল মেচখনত দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় ৷ নিউজিলেণ্ডৰ হৈ বেটিং কৰিবলৈ ক্ৰিজত নমা এমেলিয়া কেৰৰ 43, চুজি বেটছৰ 32 আৰু ব্ৰক হলিডেৰ 38 ৰাণৰ সহায়ত দলটোৱে সংগ্ৰহ কৰে 158 ৰাণ ৷ এই তিনিগৰাকীৰ বাহিৰে কোনো এগৰাকী কিৱি বেটছমেনে উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে ।

কিৱি দলৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ দলটোৱে সুন্দৰ আৰম্ভণি কৰে । দলটোৱে কোনো ধৰণৰ উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰে 51 ৰাণ ৷ ইনিংছৰ সপ্তম অভাৰৰ অন্তিমটো বলত তাজমিন ব্ৰিটছে 18 ৰাণ সংগ্ৰহ কৰিয়েই ওভতে পেভিলিয়নলৈ ৷ দলটোৰ অধিনায়ক লৰা ৱাল্ডৱৰ্থে 33 ৰাণৰ ব্যক্তিগত স্ক’ৰত এটা ডাঙৰ শ্বট মাৰিবলৈ আউট হোৱাটোৱে আছিল দলটোৰ বাবে বৃহৎ আঘাত ৷

তাৰ পিছত বেটিং কৰিবলৈ ক্ৰিজলৈ অহা মাৰিজান কাপ্প আৰু বছে বিশেষ একো প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে আৰু গুৰুত্বপূৰ্ণ সময়ত কেচ আউট হৈ পেভিলিয়নলৈ উভতি আহে । মেচখন জিকিবলৈ আফ্ৰিকাক অন্তিম 36 টা বলত প্ৰয়োজন আছিল 72 ৰাণৰ আৰু স্ক'ৰবোৰ্ডত প্ৰতি অভাৰত প্ৰয়োজন আছিল 12 ৰাণৰ ৷ কিন্তু দলটোৰ খেলুৱৈসকলে এই ৰাণৰেট বজাই ৰাখিব নোৱাৰাৰ লগতে অতি কম সময়ৰ ব্যৱধানত হেৰুৱাই উইকেট ।

দক্ষিণ আফ্ৰিকাৰ অন্তিম ভৰসা চুনে লুউছে 16 নং অভাৰত পেভিলিয়নলৈ ওভতে ৷ কিৱি দলটোক সেইসময়ত 4 টা উইকেট আৰু দক্ষিণ আফ্ৰিকাক 29 টা বলত 62 ৰাণৰ প্ৰয়োজন আছিল । তাৰপিছতে অতি কম সময়ৰ ভিতৰতে দক্ষিণ আফ্ৰিকাই আটাইকেইটা উইকেট হেৰুৱাই আৰু নিউজিলেণ্ডে খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:খিতাপ দখলৰ যুঁজত নিউজিলেণ্ডৰ মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা; ক’ত উপভোগ কৰিব এই মেচ

ABOUT THE AUTHOR

...view details