স্প’ৰ্টছ ডেস্ক, 9 আগষ্ট : বৃহস্পতিবাৰে পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাই স্বৰ্ণপদক অৰ্জনৰ দৌৰত ব্যৰ্থ হয় ৷ খেলুৱৈগৰাকীয়ে সোণৰ সলনি লাভ কৰে ৰূপৰ পদক ৷ 89.45 মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক অৰ্জন কৰে নীৰজে । চোপ্ৰাৰ দ্বিতীয় প্ৰচেষ্টাত এই শ্ৰেষ্ঠ থ্ৰ’ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ কিন্তু তেওঁ একেৰাহে চাৰিটা ফাউল থ্ৰ’ প্ৰদৰ্শন কৰে ৷ যাৰ বাবে স্বৰ্ণপদক জয়ৰ ক্ষেত্ৰত বাধা আহি পৰে ৷
দেশৰ স্বাধীনতাৰ পিছত নীৰজ চোপ্ৰা ব্যক্তিগত প্ৰতিযোগিতাত দুটা অলিম্পিক পদক জয় কৰা দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈত পৰিণত হয় । খেলুৱৈগৰাকীৰ প্ৰথম আৰু তৃতীয় প্ৰচেষ্টা ৰঙা পতাকা দেখুৱাই বাতিল কৰা হৈছিল আৰু অন্তিম তিনিটা প্ৰচেষ্টাও ফাউল আছিল ।
অৰ্হতা ৰাউণ্ডত নীৰজৰ শক্তিশালী প্ৰদৰ্শন স্বত্বেও তেওঁ 89.34 মিটাৰ দলিয়াইছিল ৷ চোপ্ৰাই ফাইনেলত তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ অতিক্ৰম কৰিব নোৱাৰিলে । খেলুৱৈগৰাকীৰ 89.45 মিটাৰ থ্ৰ’ আছিল দ্বিতীয় সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ কিন্তু এয়া স্বৰ্ণপদক জয়ৰ ক্ষেত্ৰত পৰ্যাপ্ত নাছিল ৷
প্ৰদৰ্শনৰ পূৰ্বে খেলুৱৈগৰাকীক অত্যন্ত মানসিক চাপত থকা দেখা যায় ৷ খেলুৱৈগৰাকীৰ পঞ্চম প্ৰচেষ্টাকো ৰঙা পতাকা প্ৰদৰ্শন কৰা হৈছিল । একেদৰে থ্ৰ’ৰ সময়ত সীমা অতিক্ৰম কৰাৰ পিছত তেওঁৰ অন্তিম আৰু ষষ্ঠ প্ৰয়াসটোও অযোগ্য ঘোষণা কৰা হৈছিল ৷