তিনিচুকীয়া:মহাৰাষ্ট্ৰত উজলিল অসমকন্য়া । জুডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত মহাৰাষ্ট্ৰ জুডো এছ'চিয়েশ্য়ন এণ্ড ইন্সপায়াৰ ইনষ্টিটিউট অৱ স্প'ৰ্টছৰ উদ্যোগত আয়োজিত জুডো চেম্পিয়নশ্বিপত এগৰাকী অসমকন্য়াই অৰ্জন কৰিলে স্বৰ্ণ পদক । এই লৈ উৎফুল্লিত হৈ পৰিছে খেলুৱৈগৰাকীৰ জন্মস্থান বাঘজানৰ ক্ৰীড়ানুৰাগী ।
বিগত ১৯ আৰু ২০ জানুৱাৰীত মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ছাব জুনিয়ৰ এণ্ড কেডেটছ নেশ্য়নেল জুডো চেম্পিয়নশ্বিপছ ২০২৪-২৫ ত তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱৰ ভৱানী মৰাণে অসমক প্ৰতিনিধিত্ব কৰি ৫৭ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় । এই সাফল্য়ই তিনিচুকীয়াৰ লগতে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱ ।
সদৌ অসম জুডো সন্থাৰ সভাপতি বাণীব্রত দাস, সম্পাদক জাপৰ খানৰ লগতে সন্থাৰ তৰফৰ পৰা অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতাত স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হোৱা ভৱানী মৰাণক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে । তিনিচুকীয়াৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত প্ৰশিক্ষণ প্ৰদান কৰা পৰমেশ্বৰ আৰু চিকেন্দ্ৰন আছাৰকো ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছে ৰাইজে ।