তেজপুৰ :সাম্প্ৰতিক সময়ত শিশু তথা যুৱ প্ৰজন্ম মোবাইল, ইণ্টাৰনেট আদিৰ প্ৰতি অধিক আগ্ৰহী হোৱা দেখা গৈছে । ৰীল, ভিডিঅ' আদিত অধিক সময় কটাইছে যুৱপ্ৰজন্মই । এই বিষয়টোৱে অভিভাৱকসকলকো উদ্বিগ্ন কৰি তুলিছে । মোবাইলৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে বিভিন্ন ধৰণৰ ক্ষতিৰো সন্মুখীন হৈছে শিশু তথা যুৱপ্ৰজন্ম । কিন্তু তাৰ মাজতো মোবাইল, সামাজিক মাধ্যম আদিৰ বিপৰীতে একাংশ শিশু ব্যস্ত ক্ৰীড়াৰ অনুশীলনত । ইণ্টাৰনেটৰ আগ্ৰাসনেও তেওঁলোকক চুব পৰা নাই । সময়ৰ মূল্য বুজি তেওঁলোক কেৱল ভলীবলৰ অনুশীলনত ব্যস্ত হৈছে ।
মোবাইল নহয় ভলীবলৰ অনুশীলন আগত
তেজপুৰত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল চুপাৰ লীগ (ETV Bharat Assam) সেইসকলৰ ভিতৰত এগৰাকী হৈছে জোনমণি কলিতা । কামৰূপ গ্ৰাম্যৰ ছয়গাঁৱৰ বাসিন্দা জোনমণি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী । ভলীবলৰ প্ৰশিক্ষণত জোনমণি এতিয়া অত্যন্ত ব্যস্ত । কাৰণ তেওঁৰ দলটো জিলা পৰ্যায়ৰ পৰা মনোনীত হৈ ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত লীগত খেল প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছে ।
তেজপুৰত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল চুপাৰ লীগ (ETV Bharat Assam) তেজপুৰত বৰ্তমান অনুষ্ঠিত হৈ আছে ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত লীগ । ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ মাজত এই কণমানি জোনমণিয়ে ১২ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । যি সময়ত শিশুসকলে সাধাৰণতে মোবাইল ফোন বা টেলিভিছনৰ মাজত ব্যস্ত থাকে সেই সময়তে জোনমণিৰ দৰে বহুতো শিশুৱে এইসমূহৰ পৰা যথেষ্ট আঁতৰত আছে ।
তেজপুৰত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল চুপাৰ লীগ (ETV Bharat Assam) জোনমণিয়ে কয়,"মই ঘৰত মোবাইল ফোনৰ ব্যৱহাৰ কৰিবলৈ বা টিভি চাবলৈ সময় নাপাওঁ । কাৰণ স্কুলৰ পৰা আহি ভলীবলৰ প্ৰশিক্ষণলৈ যাব লাগে আৰু তাৰ পৰা উভতি আহি টিউচন, ঘৰত আহি স্কুলৰ ঘৰুৱা কাম কৰিব লাগে ।"
শিশুৰ মানসিক বিকাশত ক্ৰীড়াৰ ভূমিকা
ক্ৰীড়াই সমাজৰ উন্নতি সাধন কৰে আৰু শিশুৰ মানসিক বিকাশত যথেষ্ট পৰিমাণে সহায় কৰে । জোনমণিৰ দলটোৰ প্ৰতিগৰাকী কিশোৰী চতুৰ্থৰ পৰা সপ্তম শ্ৰেণীৰ ভিতৰত । তেওঁলোকৰ প্ৰশিক্ষক অভিষেক কলিতা এগৰাকী ৰাজ্যিক পৰ্যায়ৰ ভলীবল খেলুৱৈ ।
তেজপুৰত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল চুপাৰ লীগ (ETV Bharat Assam) তেওঁ কয়, "আমাৰ গাঁওখনত খেলুৱৈ যথেষ্ট আছে আৰু বেছিভাগেই ভলীবলৰ লগত জড়িত আৰু আৰক্ষী বিভাগত কৰ্মৰত । আমি বিশেষকৈ, আমাৰ গাঁওখন খেলৰ লগত ভালদৰে জড়িত । এই ১২ বছৰ অনুৰ্ধৰ ছোৱালী দলটো যোৱা বছৰৰ পৰা প্ৰস্তুতি চলাই এই পৰ্যায়ত উপনীত হৈছে আৰু প্ৰত্যেকেই খেল ভাল পায় । তেওঁলোকক আমি মোবাইল ফোনৰ পৰা আঁতৰত ৰাখিবলৈ সক্ষম হৈছো আৰু তেওঁলোকে নিজেই সেই বিষয়ে বুজি উঠিছে । এই সমূহৰ পৰা আঁতৰি আহি নিজৰ খেলৰ উৎকৰ্ষ সাধন কৰাৰ বাবে ব্যস্ত হৈ পৰিছে ।"
তেজপুৰত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল চুপাৰ লীগ (ETV Bharat Assam) আন এগৰাকী খেলুৱৈ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী মিতালি দাসে কয়,"মই সৰুৰে পৰাই ভলীবলৰ প্ৰতি আকৰ্ষিত কাৰণ মোক চাৰে কৈছে এযোৰ জোতা পিন্ধি এই খেল খেলিব পাৰি বেলেগ একো নালাগে । মই বলটো বনাই নেটৰ ওচৰত দিও আৰু জিনাই সেই বলটো স্মেছ কৰে । আমি প্ৰত্যেকেই আমাৰ দলটোৰ বাবে চিন্তা কৰি ফিল্ডত প্ৰৱেশ কৰো ।"
একেটা দলৰে আন এগৰাকী খেলুৱৈ ষষ্ঠ শ্ৰেণীৰ নীলাক্ষী ঠাকুৰীয়াৰো একেই অভিজ্ঞতা । তেওঁ ই টিভি ভাৰতক কয়, "আমি সকলোৱে একেলগে স্কুলৰ পৰা আহি ভলীবলৰ প্ৰশিক্ষণলৈ যাও । এদিন যদি আমি ভলীবল নেখেলো আমাৰ আধৰুৱা যেন লাগে । হয়, আমি ঘৰত মোবাইল ফোন ল'বলৈ সময় নাপাওঁ, কিন্তু শ্ৰেণীৰ পাঠ্যক্ৰমৰ বিষয়ত চাবলগীয়া হয় । অৱশ্যে সেয়াও তাতেই সামৰিবলগীয়া হয় । খেলি উঠি কেতিয়াবা পঢ়া সামৰি যেনেতেনে খাই শুবলৈ যাওঁ । এইখিনি সময়ত যদি কেতিয়াবা আমি মোবাইল ফোন লওঁ তেতিয়া আমি সময় মিলাব নোৱাৰো ।"
তেজপুৰত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল চুপাৰ লীগ (ETV Bharat Assam) ষষ্ঠ শ্ৰেণীৰ জিনা দাসে কয়, "মই ভলীবলৰ লগত দিনটো পাৰ কৰি ভালপাওঁ । আমাৰ গাঁৱত ভলীবল খেলা বহুত আছে । মা-দেউতাই আমাক খেলৰ লগত থাকিলে ভাল পায়, গালি নিদিয়ে ।"
ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম চুপাৰ লীগ
উল্লেখ্য যে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই ১৯৯৫ চনত তেজপুৰত 'এই পৃথিৱী এক ক্ৰীড়াঙ্গন..." নামৰ গীতটি ৰচনা কৰিছিল আৰু বৰ্তমান যোৱা তিনিটা দিন তেজপুৰ চহৰ এক ক্ৰীড়াঙ্গন হৈ আছে ৷ কাৰণ দেশ-বিদেশৰ বিভিন্ন খেলুৱৈৰ সমাহাৰ ঘটিছে তেজপুৰত । সেইবাবে তেজপুৰৰ পৰাই কণ কণ শিশুবোৰৰ উপস্থিতিত ব্ৰহ্মপুত্ৰ ভলীবলৰ বিশ্বমুখী উত্তৰণ ঘটিছে ।
গ্ৰামাঞ্চলৰ পৰা ভলীবল খেলক বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম চুপাৰ লীগৰ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় ভলীবল ফেডাৰেশ্যনৰ সভাপতি ব্ৰাজিল নিবাসী ফেবিঅ' অজেভেদ', ভলীবলত তিনিবাৰকৈ অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী যুগোশ্লাভিয়াৰ ড৹ ভ্লাডিমিৰ গাৰবিছ, অলিম্পিকৰ ব্ৰঞ্জৰ পদক লাভ কৰা আন্তঃৰাষ্ট্ৰীয় ভলীবল ফেডাৰেশ্যনৰ কাৰ্যকৰী সঞ্চালক ৰাছিয়াৰ নিবাসী এলিজাবেথ ব্ৰাচট, নেডাৰলেণ্ডৰ ডাচ্চ ভলীবল ফেডাৰেশ্যনৰ আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ পীটাৰ ভান ৰাৰেলী, বিশ্ব ভলীবল সম্ৰাট হিতেশ মালহোট্ৰা, অৰ্জুন আৰু দ্ৰোণাচাৰ্য্য বঁটা বিজয়ী শ্যামসুন্দৰ ৰাওৰ লগতে অভিজিৎ ভট্টাচাৰ্যৰ গুৰু দিব্যজ্যোতি ভাগৱতীৰ লগতে অসমৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা উপস্থিত থাকে ।
তেজপুৰত অনুষ্ঠিত পঞ্চম লীগত মুঠ ৩৫ টা দলে খেল প্ৰদৰ্শন কৰে আৰু ৪০০ লোকৰ অংশগ্ৰহণেৰে ৭২ খন খেল অনুষ্ঠিত হ'ব । গ্ৰামাঞ্চলৰো ১২ বছৰ অনুৰ্ধৰ আৰু ১৬ বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীয়ে এই খেলত অংশগ্ৰহণ কৰে । লগতে ১৭০ খন গাঁৱৰ প্ৰায় ১০০০ ভলীবলৰ প্ৰশিক্ষক উপস্থিত থাকে ।
লগতে পঢ়ক :পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল লীগ; আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ-শীৰ্ষ বিষয়াৰ উপস্থিতিৰে উদুলি-মুদুলি তেজপুৰ - BRAHMAPUTRA VOLLEYBALL LEAGUE