স্প’ৰ্টছ ডেস্ক, 8 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেনসকল আক্ৰমণাত্মক শৈলীৰ বাবে জনাজাত । টি-20 ক্ৰিকেটত ভাৰতীয় বেটছমেনৰ বেটৰ পৰা ছয় আৰু চাৰিৰ বৰষুণ হোৱা প্ৰত্যক্ষ কৰাৰ সৌভাগ্য ঘটে দৰ্শক তথা অনুৰাগীৰ ।
হাৰ্দিক পাণ্ডিয়া, সূৰ্যকুমাৰ যাদৱ আৰু বিৰাট কোহলীৰ দৰে তাৰকা বেটছমেনসকলে ডেথ অভাৰত সদায়ে দলৰ হৈ দ্ৰুত ৰাণ সংগ্ৰহ কৰি আহিছে । এই প্ৰতিবেদন সেইসকল ক্ৰিকেটাৰৰ কাহিনীৰে প্ৰস্তুত কৰা হৈছে, যিসকলে ভাৰতৰ হৈ আন্তৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত অন্তিম 5 অভাৰত সৰ্বাধিক ছয় কোবাইছে ।
টি-20 ক্ৰিকেটত অন্তিম 5 অভাৰত সৰ্বাধিক ছয় কোবোৱা বেটছমেনসকল
- হাৰ্দিক পাণ্ডিয়া: ভাৰতীয় ক্ৰিকেট দলৰ বিপদজনক অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া হৈছে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত অন্তিম 5 অভাৰত সৰ্বাধিক ছয় কোবোৱা বেটছমেনৰ তালিকাৰ শীৰ্ষস্থানত থকা বেটছমেন । পাণ্ডিয়াই টীম ইণ্ডিয়াৰ হৈ 535 টা বলত 59 টা ছয় কোবাইছে ।
হাৰ্দিক পাণ্ডিয়া (IANS PHOTO) - বিৰাট কোহলী: টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলী, যিয়ে সম্প্ৰতি টি-20 ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ক্ৰিকেটাৰগৰাকীয়ে আন্তৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটৰ অন্তিম 5 অভাৰত ভাৰতৰ হৈ সৰ্বাধিক ছয় কোবোৱা দ্বিতীয়গৰাকী বেটছমেন । বিৰাটে 536 টা বলত মুঠ 55 টা ছয় কোবাইছে ।
- সূৰ্যকুমাৰ যাদৱ: ভাৰতৰ শীৰ্ষস্থানৰ টি-20 বেটছমেন সূৰ্যকুমাৰ যাদৱ তেওঁৰ বিস্ফোৰক শৈলীৰ বাবে জনাজাত । আন্তৰ্জাতিক টি-20 ক্ৰিকেটত ভাৰতৰ হৈ শেষৰ 5 অভাৰত সৰ্বাধিক ছয় কোবোৱা বেটছমেনৰ তালিকাত সূৰ্য আছে তিনি নম্বৰ স্থানত ৷ সূৰ্যই 243 টা বলত 39 টা ছয় কোবাইছে ।
সূৰ্যকুমাৰ যাদৱ (IANS PHOTO) - এম এছ ধোনী: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ভাৰতৰ হৈ আন্তৰাষ্ট্ৰীয় টি-20 ফৰ্মেটত শেষৰ 5 অভাৰত সৰ্বাধিক ছয় কোবোৱা বেটছমেনসকলৰ ভিতৰত ধোনীয়ে লাভ কৰিছে চতুৰ্থ স্থান ৷ তেওঁ 667 টা বলত মুঠ 36 টা ছয় কোবাইছে ।
- যুৱৰাজ সিং: টি-20 ক্ৰিকেটত এটা অভাৰত ছয়টা ছয় কোবোৱা প্ৰাক্তন ভাৰতীয় বেটছমেন যুৱৰাজ সিঙকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । সিঙে আন্তৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত অন্তিম 5 অভাৰত ভাৰতৰ হৈ 213 টা বলত কোবাইছে 34 টা ছয় ৷ তাৰ লগে লগে যুৱৰাজ সিং অন্তিম 5 অভাৰত ভাৰতৰ হৈ সৰ্বাধিক ছয় কোবোৱা পঞ্চমগৰাকী বেটছমেনত পৰিণত হয় ।
লগতে পঢ়ক:নিষিদ্ধ ক্ৰিকেট: অন্যথা ভৰিব লাগিব 10 হাজাৰ টকাৰ জৰিমনা - BAN ON CRICKET